অসম

টেঙাখাতত পোৱালী নাহৰফুটুকী উদ্ধাৰ

Asomiya Pratidin

ডিজিটেল সংবাদ,টেঙাখাত : টেঙাখাত আৰক্ষী থানাৰ অন্তৰ্গত বায়নচুক গাঁৱৰ হাবিৰ কাষত উদ্ধাৰ কৰা হৈছে পোৱালী বাঘ। শনিবাৰে আবেলি খৰি বিচাৰি ঘূৰি ফুৰোতে এজন লোকে এটি পোৱালী নাহৰফুটুকী বাঘ প্ৰত্যক্ষ কৰি স্থানীয় গাওঁপ্ৰধান তথা একাংশ ৰাইজক খবৰ দিয়াত সমবেত ৰাইজে হাবিৰ পৰা পোৱালী বাঘটো ধৰে।

মনকৰিবলগীয়া যে, উদ্ধাৰ কৰা বাঘ পোৱালীটোৰ ওচৰতে মৃত অৱস্থাত আন এটা বাঘ উদ্ধাৰ কৰে। পৰৱৰ্তী সময়ত স্থানীয় আৰক্ষী আৰু বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ সবিশেষ বুজ লৈ উল্লেখিত বাঘ পোৱালী দুটা উদ্ধাৰ কৰি বন বিভাগৰ লোকে চমজি লয়।

প্ৰণিধানযোগ্য যে,বায়নচুকৰ সমীপৰ পাখৰীজনীয়াত কিছুদিন পূৰ্বে এজনী মৃত নাহৰফুটুকী বাঘ উদ্ধাৰ হৈছিল। গতিকে আজি বায়নচুকত উদ্ধাৰ হোৱা উক্ত বাঘ পোৱালী কেইটা সেই বাঘজনীৰে বুলি একাংশই সন্দেহ কৰিছে।