ৰাজ্যিক কেবিনেটৰ বৈঠকঃ বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ...
ৰাজ্যিক কেবিনেটৰ বৈঠকঃ বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ...  
অসম

মহাবিদ্যালয়ৰ পৰা উৰণীয়া সেতুলৈ! ৰাজ্যিক কেবিনেটৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

Asomiya Pratidin

ডিজিটেল ডেস্ক: বৃহস্পতিবাৰে যোৰহাটত অনুষ্ঠিত হয় ৰাজ্যিক কেবিনেট। এই কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে চৰকাৰে। বৈঠকৰ পাছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত সিদ্ধান্ত সমূহৰ বিষয়ে জনায়। গুৰুত্বপূৰ্ণ সিদ্ধান্ত সমূহ-

  • বাইক টেক্সি সন্দৰ্ভত কেবিনেটত স্বীকৃতি প্রদান।

  • এতিয়াৰে পৰা নিজৰ বাইকেৰে ৰেপিড’ সেৱা আগবঢ়াব পাৰিব।

  • নিজৰ বাহনখন ‘পুল কাৰ’ কৰি যাত্রী কঢ়িয়াব পাৰিব।

  • ইয়াৰ বাবে নম্বৰ প্লেট সলনি কৰিব নালাগে।

  • যোৰহাট চহৰৰ ষ্ট্রীট লাইটসমূহ চৰকাৰ আৰু পৌৰসভাই জ্বলোৱাৰ ব্যৱস্থা কৰিব।

  • যোৰহাটৰ খোৱাপানী সমস্যাৰ বাবে PHCক ১০০ কোটি টকাৰ অনুমোদন।

  • যোৰহাটৰ বৰুৱা চাৰিআলিৰ পৰা ভোগদৈ দলঙলৈকে এখন উৰণীয় সেতু হ’ব।

  • প্রায় ডেৰ কিলোমিটাৰ দৈৰ্ঘ্যৰ হ’ব উৰণীয়া সেতুখন।

  • বৰোহালৰ পৰা যোৰহাট ন আলিলৈকে হ’ব এটা সুন্দৰ পথৰ অনুমোদন।

  • অসম মালাৰ অধীনত হ’ব এই পথ।

  • যোৰহাট চক বজাৰ নিৰ্মাণৰ সিদ্ধান্ত কেবিনেটত।

  • মৰিয়নীত এখন ১০০খন বিছনাযুক্ত চিকিৎসালয় নিৰ্মাণত অনুমোদন।

  • JMCHলৈ ১.২২ কোটি টকাৰ অনুমোদন।

  • চেলেংহাট আৰু দেৰগাঁৱত একোখনকৈ স্থাপন হ’ব মহাবিদ্যালয়।

  • যোৰহাটত ১০০০ মানুহ বহিব পৰা নগৰৰ মাজমজিয়াত হ’ব এটা প্রেক্ষাগৃহ।

  • যোৰহাট তাৰকাগৃহলৈ ১০ কোটি টকাৰ অনুমোদন।

  • ২০২৩ চনত যোৰহাটত হ’ব উপায়ুক্ত সন্মিলন।

  • আৰু পঢ়ক: ভৰি পিছলি সোমাই পৰিল ৰেলৰ তলত,মৃত্যু নগাঁও ছোৱালী মহাবিদ্যালয়ৰ প্ৰবক্তাৰ...