কেবিনেট বৈঠক
কেবিনেট বৈঠক 
অসম

কেবিনেট বৈঠক : ম'হ যুঁজৰ পিছত বুলবুলি চৰাইৰ যুঁজ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত

Asomiya Pratidin

ডিজিটেল ডেস্ক : ম'হ যুঁজৰ পিছত এইবাৰ বুলবুলি চৰাইৰ যুঁজ অনুষ্ঠিত কৰাৰ বাবে কেবিনেট বৈঠকত সিদ্ধান্ত লোৱা হৈছে। অৱশ্যে এইক্ষেত্ৰত SOP প্ৰস্তুত কৰি কঠোৰভাৱে ৰূপায়ণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হয় কেবিনেট বৈঠক। এই বৈঠকত গ্ৰহণ কৰা হয় আন বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত।

বৈঠকৰ অন্তত মন্ত্ৰী কেশৱ মহন্ত আৰু অশোক সিংহলে সংবাদমেল সম্বোধন কৰি আজি গ্ৰহণ কৰা সিদ্ধান্তসমূহ উল্লেখ কৰে। সংবাদমেলযোগে জানিবলৈ দিয়ামতে নগৰ উন্নয়নৰ ক্ষেত্ৰত বহু কেইটা সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷ Assam state township policy 2023 সমগ্ৰ অসমত প্ৰযোজ্য কৰাৰ সিদ্ধান্ত লোৱা হয় ৷ এই পলিচি অনুসৰি নতুনকৈ টাউনশ্বিপ নিৰ্মাণ কৰিব পাৰিব বুলি উল্লেখ কৰে ৷

আনহাতে উক্ত পলিচিৰ আধাৰত ৩০ শতাংশ ৰাস্তাৰ সুবিধা থকা অঞ্চলত টাউনশ্বিপ নিৰ্মাণ কৰিব পাৰিব ৷ নতুন টাউনশ্বিপত সৰ্বাধিক ৬০ শতাংশ এলেকাতহে গৃহ নিৰ্মাণ কৰিব পাৰিব বুলি উল্লেখ কৰে ৷ ১০ শতাংশ ভূমি সংৰক্ষিত হৈ থাকিব ৷

ইফালে ৯০০ বিঘা মাটিত টাউন প্লেনিং স্কিমৰ নিৰ্মাণৰ সিদ্ধান্ত লোৱাৰ উপৰি ৰাণী ব্লকৰ পলাশবাৰীত নিৰ্মাণ হ’ব নতুন নগৰ ৷ ১০লাখৰ ওপৰত জনসংখ্যা থকা পুৰণি নগৰ LAP (LICAL AREA PLANT)ৰ অধীনত থাকিব।

LAPৰ নিয়ম অনুসৰি উজান বজাৰ, ফাঁচি বজাৰ, মাছখোৱা আদিত এতিয়াৰে পৰা ৰাস্তাৰ বাবে মাটি এৰি নিৰ্মাণ কৰিব লাগিব ঘৰ ৷ উল্লেখযোগ্য যে, নগৰাঞ্চলৰ সংস্কাৰৰ বাবে গ্ৰহণ কৰা হৈছে এই আঁচনি ৷

কেবিনেট বৈঠকত লোৱা সিদ্ধান্ত মৰ্মে, পলাশবাৰী ৰাজহ চক্ৰৰ তিনি স্থানত নতুন টাউনশ্বিপৰ বাবে লোৱা হৈছে প্ৰস্তাৱ। অন্যহাতে গৃহহীন লোকক মুখ্যমন্ত্ৰীৰ আবাস যোজনাৰ অধীনত সাঙুৰী লোৱাৰ সিদ্ধান্তও বৈঠকত লোৱা হয়।

এই আঁচনিৰ অধীনত ১ লাখ ৩০ হাজাৰ ঘৰ আৱন্তন দিয়া হৈছে বুলি জানিবলৈ দিয়ে ৷ উল্লেখযোগ্য যে, প্ৰধানমন্ত্ৰী আবাস যোজনাৰ গৃহৰ সমমূল্যৰ হ’ব এই ঘৰ ৷ অৱশ্যে ১০ শতাংশ ঘৰ চাহ অঞ্চলৰ বাবে সংৰক্ষিত কৰা হ'ব ৷ অতি সোনকালেই এই আঁচনি আৰম্ভ কৰা হ’ব বুলি সংবাদমেলত উল্লেখ কৰে ৷

ইয়াৰোপৰি ৩টা বেলেগ সিদ্ধান্তৰে ১৫৪০ ভূমিহীন খিলঞ্জীয়া লোকক ভূমি পট্টা আগবঢ়োৱা হৈছে বুলি জানিবলৈ দিয়ে ৷ আনহাতে বকোত বৃদ্ধাশ্ৰম নিৰ্মাণৰো সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ বৃদ্ধাশ্ৰম নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে ৮৫ কোটি আৱন্তন দিয়া বুলি জানিবলৈ দিয়ে।

ইফালে ক্ৰীড়াৰ ক্ষেত্ৰত ১২০ কোটি টকা চন্দ্ৰপুৰৰ ক্ৰীড়া প্ৰকল্পৰ বাবে আৱন্তন দিয়া হৈছে। এ পি এছ চিয়ে অনুষ্ঠিত কৰা সংযুক্ত পৰীক্ষাৰ নম্বৰ ২৭৪ পৰা ১৮০লৈ হ্ৰাস কৰা হৈছে ৷ একেদৰে চিকিৎসা বিজ্ঞানৰ ইন্টাৰ্নৰ পাৰিতোষিক ১৫ শতাংশ বৃদ্ধিৰ সিদ্ধান্ত লোৱা হয়।

আনহাতে ৰেচন কাৰ্ড সন্দৰ্ভতো কেবিনেট বৈঠকত গ্ৰহণ কৰা হয় সিদ্ধান্ত। এই সিদ্ধান্ত অনুসৰি, ১৬-২২ জানুৱাৰীৰ ভিতৰত প্ৰতিটো বিধানসভা সমষ্টিত ৰেচন কাৰ্ড নথকা পৰিয়ালক বিতৰণ কৰা হ’ব ৰেচন কাৰ্ড ৷ নতুনকৈ ৰেচন কাৰ্ড লাভ কৰিবলগীয়া পৰিয়ালে জানুৱাৰী মাহৰ চাউলৰ লগতে ৫ লাখৰ স্বাস্থ্য বীমা প্ৰদান লাভ কৰিব বুলি কেবিনেট বৈঠকৰ অন্তত সংবাদমেলত উল্লেখ কৰে ৷