ৰাজ্যিক কেবিনেটৰ বৈঠকঃ বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ...
ৰাজ্যিক কেবিনেটৰ বৈঠকঃ বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ...  
অসম

কৰ্মচাৰীৰ দৰমহাৰ পৰা বাল্য বিবাহলৈ! কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত...

Asomiya Pratidin

ডিজিটেল ডেস্ক: সোমাবাৰে অনুষ্ঠিত হয় ৰাজ্যৰ কেবিনেট বৈঠক। ইয়াৰ অন্তত দিছপুৰত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল পাতি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ বিষয়ে জনায়। তলত সৱিশেষ উল্লেখ কৰা হ'ল-

  • বছৰি ৩% কৈ বৃদ্ধি পাব কেজুৱেল কৰ্মচাৰীৰ দৰমহা।

  • ১৩,৪০০ কৰ্মচাৰীয়ে পাব এই সুবিধা।

  • অসমত বৃদ্ধি পাইছে বাল্য বিবাহৰ ঘটনা।

  • সংবাদমেলত বাল্য বিবাহৰ তথ্য প্রকাশ মুখ্যমন্ত্রীৰ।

  • কম বয়সত মাতৃত্বৰ বোজা লৈছে বহু যুৱতীয়ে।

  • NFHSৰ সমীক্ষাৰ ভিত্তিত তথ্য প্রকাশ মুখ্যমন্ত্রীৰ।

  • দৰঙত ১৬ শতাংশ বৃদ্ধি বাল্য বিবাহৰ ঘটনা।

  • কামৰূপত ১৫%, হোজাইত ১১%, ধুবুৰীত ২২%।

  • দক্ষিণ শালমাৰাত ২২% বৃদ্ধি বাল্য বিবাহৰ ঘটনা।

  • ১৪-১৮ বছৰৰ ভিতৰত বিয়া কৰালে ৰুজু কৰা হ’ব গোচৰ।

  • POCSO আইনৰ অধীনত ৰুজু কৰা হ’ব গোচৰ।

  • বিবাহ কৰোৱা যুৱকক বিহা হ’ব কাৰাদণ্ড।

  • ৰাজ্যজুৰি আৰক্ষীক অভিযান চলোৱাৰ নিৰ্দেশ মুখ্যমন্ত্রীৰ।

  • অভিযুক্ত কাজি,পুৰোহিত,অভিভাৱকৰ ক্ষেত্রতো গ্রহণ কৰা হ’ব ব্যৱস্থা।

  • ১৫ দিনৰ ভিতৰত ৰাজ্যজুৰি আৰক্ষীয়ে চলাব অভিযান।

  • বাল্য বিবাহ ৰোধৰ ক্ষেত্রত জড়িত কৰা হ’ব পঞ্চায়তকো।

আৰু পঢ়ক: ইতিহাসবিদ ড০ সূৰ্য্য কুমাৰ ভূঞাৰ জন্মদিৱস উপলক্ষে কটন বিশ্ববিদ্যালয়ত বিশেষ অনুষ্ঠান