অসম

১৪-১৮ বছৰৰ ছোৱালী বিয়া কৰালে যুৱকক বিহা হ'ব শাস্তি: ৰাজ্যিক কেবিনেটৰ সিদ্ধান্ত

Asomiya Pratidin

ডিজিটেল ডেস্ক: সোমবাৰে দিছপুৰত অনুষ্ঠিত হোৱা ৰাজ্যিক কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে চৰকাৰে। বৈঠকৰ পাছতেই সংবাদ মেল সম্বোধন কৰি সৱিশেষ জনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

বাল্য বিবাহ প্ৰতিৰোধৰ ক্ষেত্ৰতো চৰকাৰে কিছুমান সিদ্ধান্ত গ্ৰহণ কৰে। বাল্য বিবাহ কৰালে পুৰুষ জনক বিহা হ'ব শাস্তি। শৰ্মাই কয় যে, অসমত বৃদ্ধি পাইছে বাল্য বিবাহৰ ঘটনা। কম বয়সত মাতৃত্বৰ বোজা লৈছে বহু যুৱতীয়ে।


সংবাদমেলত বাল্য বিবাহৰ তথ্য প্রকাশ কৰে মুখ্যমন্ত্রীয়ে। NFHSৰ সমীক্ষাৰ ভিত্তিত তথ্য প্রকাশ মুখ্যমন্ত্রী শৰ্মাৰ। এই তথ্যৰ ভিত্তিত দৰঙত ১৬ শতাংশ বৃদ্ধি বাল্য বিবাহৰ ঘটনা। লগতে কামৰূপত ১৫%, হোজাইত ১১%, ধুবুৰীত ২২%,দক্ষিণ শালমাৰাত ২২% বৃদ্ধি বাল্য বিবাহৰ ঘটনা।

কেবিনেটত কোৱা হয় যে ১৪-১৮ বছৰৰ ভিতৰৰ ছোৱালীক বিয়া কৰালে ৰুজু কৰা হ’ব গোচৰ। POCSO আইনৰ অধীনত ৰুজু কৰা হ’ব গোচৰ। বিবাহ কৰোৱা যুৱকক বিহা হ’ব কাৰাদণ্ড।

কেৱল ইমানেই নহয়, বিবাহ কৰোৱা যুৱক জনৰ শাস্তি বিহা হ'ব লগতে অভিযুক্ত কাজি,পুৰোহিত,অভিভাৱকৰ ক্ষেত্রতো গ্রহণ কৰা হ’ব ব্যৱস্থা।

বাল্য বিবাহ প্ৰতিৰোধৰ বাবে গ্ৰাম্য অঞ্চলত বাল্য বিবাহ ৰোধ কৰিবলৈ বাল্য বিবাহ প্ৰতিৰোধ আইন, ২০০৬ ৰ অধীনত ২,১৯৭ গাঁও পঞ্চায়ত সচিবক বাল্য বিবাহ প্ৰতিৰোধ (নিষেধাজ্ঞা) বিষয়া হিচাপে নিযুক্তি দিয়া হ'ব।এই বিষয়া সকলে এজাহাৰ দাখিল কৰি ঘটনাৰ তদন্ত কৰিব।

১৫ দিনৰ ভিতৰত ৰাজ্যজুৰি আৰক্ষীয়ে চলাব অভিযান। বাল্য বিবাহ ৰোধৰ ক্ষেত্রত জড়িত কৰা হ’ব পঞ্চায়তকো।