১০ মাৰ্চৰ পৰা বাজেট অধিৱেশনঃ ৰাজ্যৰ অৰ্থনৈতিক দুৰৱস্থাৰ মাজতো দিব পাৰে চমক...
১০ মাৰ্চৰ পৰা বাজেট অধিৱেশনঃ ৰাজ্যৰ অৰ্থনৈতিক দুৰৱস্থাৰ মাজতো দিব পাৰে চমক... 
অসম

১০ মাৰ্চৰ পৰা বাজেট অধিৱেশনঃ ৰাজ্যৰ অৰ্থনৈতিক দুৰৱস্থাৰ মাজতো দিব পাৰে চমক...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ১০ মাৰ্চৰ পৰা অনুষ্ঠিত হ'ব অসম বিধানসভাৰ বাজেট অধিৱেশন। মুঠ ১৪ দিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া এই বাজেট অধিৱেশনৰ অন্ত পৰিব ৫ এপ্ৰিলত। ১৬ মাৰ্চত বিত্তমন্ত্ৰী অজন্তা নেওগে পাঠ কৰিব ২০২৩-২৪ বৰ্ষৰ বিত্তীয় বাজেট।

অধিৱেশনৰ আৰম্ভণিৰ দিনটোতেই ৰাজ্যপালে ভাষণ আগবঢ়াব। ৰাজ্যৰ নৱ নিযুক্ত ৰাজ্যাপল গোলাব চান্দ কাটাৰিয়াৰ এয়া হ'ব অসম বিধানসভাত প্ৰথম ভাষণ।

১৩ আৰু ১৪ মাৰ্চত অনুষ্ঠিত হ'ব ৰাজ্যপালৰ ভাষণক লৈ বিতৰ্ক। ১৫ মাৰ্চত পৰিপূৰক মঞ্জুৰিক লৈ আলোচনা। ১৬ মাৰ্চৰ বাজেট দাখিলৰ পাছত ১৭ আৰু ২০ মাৰ্চত বাজেট সম্পৰ্কত আলোচনা অনুষ্ঠিত হ'ব।

এইদৰেই নিৰ্ধাৰিত সূচী অনুসৰি অধিৱেশনৰ কাৰ্যসূচীসমূহ অনুষ্ঠিত হ'ব। উল্লেখ্য যে, এইবাৰৰ বাজেট মূলতঃ দুটা বিষয়ক লৈ অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে।

প্ৰথম, ২০২৪ ত আছে লোকসভাৰ নিৰ্বাচন। গতিকে স্বাভাৱিকতে নিৰ্বাচনক লক্ষ্য কৰি সাধাৰণ জনতাক আকৰ্ষণ কৰিবপৰাকৈ যে এই বাজেট প্ৰস্তুত কৰা হ'ব তাত কোনো সন্দেহ নাই।

আনহাতে দ্বিতীয় বিষয়টো হৈছে ৰাজ্যৰ অৰ্থনৈতিক অৱস্থা। ৰাজ্য চৰকাৰে গ্ৰহণ কৰা ঋণৰ পৰিমাণ ১ লাখ ২০ কোটিৰো অধিক হৈছে। চৰ্চা অনুসৰি ৰাজ্যৰ বিত্তীয় অৱস্থা বাৰুকৈয়ে সূচনীয়।

এনে প্ৰেক্ষাপটত এইবাৰৰ বাজেটত তাৰ প্ৰতিফলন কিদৰে পৰে সেয়া হ'ব লক্ষ্যণীয়।