
ডাঙৰীৰ পঞ্চ ছহিদলৈ ন্যায়।
সুদীৰ্ঘ ২৯ বছৰীয়া আইনী যুঁজৰ অন্তত ন্যায় পালে ৫ গৰাকী ছহিদে।
প্ৰতিজন ছহিদৰ পৰিয়ালক ২০ লাখকৈ ক্ষতিপূৰণ দিয়াৰ নিৰ্দেশ ন্যায়ালয়ৰ।
১৯৯৪ চনত তিনিচুকিয়া জিলাৰ ডাঙৰীত সেনাই ভুৱা এনকাউণ্টাৰ কৰিছিল ৫ জন ছহিদকে।
ছহিদ হোৱাসকল আছিল প্ৰৱীণ সোণোৱাল, অখিল সোণোৱাল, দেৱজিত বিশ্বাস, ভৱেন মৰাণ আৰু প্ৰদীপ দত্ত।
এই ঘটনা সন্দৰ্ভত আইনী যুঁজ চলাই আছিল তেতিয়াৰ আছুৰ উপ-সভাপতি তথা এতিয়াৰ অসম জাতিয় পৰিষদৰ নেতা জগদীশ ভূঞাই।
এই ঘটনাৰ পিছত অভিযুক্ত সেনা বিষয়া আৰু জোৱানৰ হৈছিল ক'ৰ্ট মাৰ্শ্বাল।
তাৰ পিছতো ৰেহাই পাইছিল সেনা বিষয়া, জোৱানসকলে।