ভাল খবৰ, চৰকাৰী কৰ্মচাৰীয়ে গাড়ী কিনিবলৈ কম সুতত পাব ধন...
ভাল খবৰ, চৰকাৰী কৰ্মচাৰীয়ে গাড়ী কিনিবলৈ কম সুতত পাব ধন...  
অসম

ভাল খবৰ, চৰকাৰী কৰ্মচাৰীয়ে গাড়ী কিনিবলৈ কম সুতত পাব ধন...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীলৈ এটা ভাল খবৰ। আপোন ঘৰৰ পাছত এইবাৰ চৰকাৰী কৰ্মচাৰীৰ বাবে আপোন বাহন আঁচনি গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। এই আঁচনিল অনুসৰি গাড়ী কিনিব বিচৰা চৰকাৰী কৰ্মচাৰীসকলে ২ শতাংশ ৰেহাইৰ সুবিধা লাভ কৰিব।

মহিলা আৰু দিব্যাংগ সকলে ৩ শতাংশ ঋণ ৰেহাই পাব। আঁচনিখনৰ বাবে বিত্তমন্ত্ৰীয় ১২ কোটি টকাৰ প্ৰস্তাৱ কৰিছে। উল্লেখ্য যে, ৰাজ্য চৰকাৰৰে ইয়াৰ পূৰ্বে আপোন ঘৰ নামৰ এখন আঁচনি ঘোষণা কৰিছে।

এই আঁচনি অনুসৰি প্ৰতিজন বেতনভোগী চৰকাৰী কৰ্মচাৰীয়ে এটা নিজা ঘৰ ক্ৰয় বা নিৰ্মাণ কৰিবলৈ কম সুতত ঋণৰ ব্যৱস্থা কৰিছিল চৰকাৰে। বিত্তমন্ত্ৰী অজন্তা নেওগে ঘোষণা কৰা অনুসৰি আপোন ঘৰ আঁচনিখনৰ অধীনত এতিয়ালৈকে মুঠ ৪৯৮৪ কোটি টকা ঋণ বন্দোবস্তিৰে ৩৬ হাজাৰ ১৫৯ গৰাকী কৰ্মচাৰী উপকৃত হৈছে।

ঋণৰ সুতৰ শিতানত অনুদানৰ বাবে ৰাজ্য চৰকাৰে ৩৮৪ কোটি টকা বহন কৰিছে। এইবছৰো এইখন আঁচনি অব্যাহত থাকিব। তাৰ বাবে বাজেটত ১০৮ কোটি টকাৰ প্ৰস্তাৱ কৰিছে বিত্তমন্ত্ৰীয়ে।