অসম

”সুখ আৰু দুখ জীৱনৰেই ৰং” বুদ্ধ পূৰ্ণিমাৰ সময় আৰু মহত্ব…

asomiyapratidin

ডিজিটেল ডেস্ক: বুদ্ধ(বৌদ্ধ) পূৰ্ণিমা সমগ্ৰ বিশ্বৰ বৌদ্ধ ধৰ্মৰ অনুৰাগী সকলৰ বাবে অতি গুৰুত্বপূৰ্ণ দিন। হিন্দু আৰু বৌদ্ধ ধৰ্মাৱলম্বীৰ লোকসকলে ইয়াক গৌতম বুদ্ধৰ জন্মদিন হিচাপে পালন কৰে। গৌতম বুদ্ধৰ জন্ম, পৰম জ্ঞান লাভ আৰু মৃত্যু বা মহাপৰিনিৰ্মাণৰ দিৱস হিচাপে পালন কৰে।

হিন্দু লোকসকলৰ বাবেও এই দিনটো অতি গুৰুত্বপূৰ্ণ। কিয়নো হিন্দু সকলে গৌতম বুদ্ধক বিষ্ণুৰ নৱম অৱতাৰ বুলি বিশ্বাস কৰে।বহাগ মাহৰ দ্বিতীয়টো পূৰ্ণিমাত পালন কৰা হয় এই দিৱস।

চলিত বৰ্ষৰ বুদ্ধ পূৰ্ণিমা ১৬ মে', ২০২২ত পালন কৰা হ'ব। বুদ্ধ পূৰ্ণিমাৰ শুভ মুহুৰ্ত ১৫ মে' দুপৰীয়া ১২ বাজি ৪৫ মিনিটৰ পৰা আৰম্ভ হ'ব আৰু ১৬ মে' পুৱা ৯ বাজি ৪৫ মিনিটলৈ থাকিব।

ইতিহাস আৰু মহত্ব:

গৌতম বুদ্ধৰ জন্ম ৰাজকুমাৰ সিদ্ধাৰ্থ গৌতম বুদ্ধৰ ৰূপত খ্ৰীষ্টপূৰ্ব ৫৬৩ত লুম্বিনী (বৰ্তমানৰ নেপালত আছে এই ঠাই)ত হৈছিল। তেওঁৰ জন্ম জয়ন্তীক বুদ্ধ পূৰ্ণিমা হিচাপে পালন কৰা হয়। এই দিনটোত বিশেষ বুলি ধৰা হয়। প্ৰায় ২৯ বছৰ বয়সত তেওঁ সংসাৰৰ সকলো মোহ মায়া এৰি সত্যৰ সন্ধানত ওলাইছিল।

গৌতম বুদ্ধক এগৰাকী  ব্যতিক্ৰমী দাৰ্শনিক, আধ্যাত্মিক পথ প্ৰদৰ্শক আৰু ধ্যানকাৰী বুলি গণ্য কৰা হয়। বোধগয়াৰ বট গছৰ তলত ৪৯ দিন ধ্যান কৰাৰ পিছত তেওঁ সফলতাৰে জ্ঞান লাভ কৰিছিল।

বুদ্ধ পূৰ্ণিমা ব্ৰত অতি গুৰুত্বপূৰ্ণ বুলি কোৱা হয়। আজিৰ দিনটোতে ব্ৰহ্মা মুহুৰ্তত উঠি গা ধুই ভগৱান সূৰ্যৰ সন্মুখত পানী আগবঢ়াই উপবাসৰ সংকল্প লোৱা হয়। কিন্তু চন্দ্ৰ দৰ্শন অবিহনে বুদ্ধ পূৰ্ণিমাৰ উপবাস অসম্পূৰ্ণ বুলি গণ্য কৰা হয়। বিশ্বাস অনুসৰি আজিৰ দিনটোত ভগৱান বিষ্ণু আৰু চন্দ্ৰ ঈশ্বৰৰ উপাসনা কৰিলে সৰ্বাধিক ফল পোৱা যায়। অন্যহাতে আজিৰ দিনটোত দান দক্ষিণা কৰাটোও ভাল বুলি ধৰা হয়।

প্ৰবাদ আছে যে, বুদ্ধ পূৰ্ণিমাৰ দিনা বিষ্ণু আৰু চন্দ্ৰৰ উপসনা কৰিলে আৰ্থিক সংকটৰ পৰা দূৰ হ'ব পাৰি। মানুহৰ আত্মবল ধন প্ৰাচুৰ্যও বৃদ্ধি হয়। ইয়াৰোপৰি এই দিনটোত ব্ৰত ৰাখিলে বহু ফলাফল পোৱা যায় বুলি একাংশই বিশ্বাস কৰে।