সম্প্ৰীতিৰ মিলন  ভূমি লৈ ৰূপান্তৰ বি ভি এফ চি এলৰ ৰঙালী বিহু থলী

সম্প্ৰীতিৰ মিলন  ভূমি লৈ ৰূপান্তৰ বি ভি এফ চি এলৰ ৰঙালী বিহু থলী

ডিজিটেল সংবাদ, নামৰূপ: নামৰূপস্থিত ব্ৰহ্মপুত্ৰ ভেলী ফাৰটিলাইজাৰ কৰ্পৰেচন লিমিটেড পৰিয়ালে  শুকুৰবাৰ আৰু শনিবাৰে দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদ্যোগটোৰ  স্থায়ী ৰাজহুৱা বিহু মন্দপত ৰঙালী  বিহু সন্মিলনখনি উদযাপন কৰে। 

উদ্যোগটোৰ বিষয়া শ্ৰমিক কৰ্মচাৰী সমন্বিতে  নামৰূপৰ ৰাইজৰ সহযোগত আয়োজিত দুই দিৱসীয় অনুষ্ঠানটিৰ প্ৰথম দিনা পুৱা পতাকা উত্তোলন , স্মৃতি তৰ্পণ আৰু গছ পুলি ৰোপনেৰে শুভাৰম্ভ কৰা হয়।   সাৰ উদ্যোগ পৰিয়ালে আয়োজন কৰা এই  বিহু সন্মিলন খনতে বছৰি  পাটকাই বৰবিহুৱতী আৰু পাটকাই বিহু কুঁৱৰী বঁটা দুটা প্ৰদান কৰা হয়। এইবাৰ ২০২২ বৰ্ষৰ পাটকাই বৰ বিহুৱতী খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয় নলবাৰীৰ  ধনিষ্ঠা ডেকাই আৰু পাটকাই বিহু কুঁৱৰী সন্মান লাভ কৰে  গোলাঘাটৰ   ত্ৰিদিশা বৰ ঠাকুৰে  ।

দুয়োগৰাকী বিজয়ী প্ৰতিযোগীক মুকলি সভাত উদ্যোগটোৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ডঃ শিৱ প্ৰসাদ মহান্তিয়ে  পুৰস্কাৰ প্ৰদান কৰে।  পুৰস্কাৰত থাকে  নগদ ধন,সৰুদৈয়া জাপি,  শৰাই সঁফুৰা, ৰিহা চাদৰ, অসমৰ প্ৰতীক চিহ্ন গড়,আদি অলেখ সৰু বৰ পুৰস্কাৰৰ টোপোলা। প্ৰথম দিনা দুপৰীয়া সাৰ নগৰী বৰনামঘৰৰ হুঁচৰিয়ে মঞ্চ উদ্বোধন কৰাৰ পিছতে  বিহু নাচ, জেং বিহু, বৰ বিহুৱতী   প্ৰতিযোগিতা অনুষ্ঠিত হয়।

  গধূলি স্থানীয় শিল্পীৰ দ্বাৰা পৰিবেশিত গীত মাতেৰে এক বৰ্ণাঢ্য সংস্কৃতিক সন্ধিয়াৰে অনুস্থানৰ সামৰণি পৰে।  দ্বিতীয় দিনা পুৱা মুক্ত  স্বাস্থ্য পৰীক্ষা, চিত্ৰাংকণ, পিঠা পনা থলুৱা খাদ্য সম্ভাৰৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়।  সন্ধ্যা  ছয় বজাৰ পৰা অনুস্থিত মুকলি সভাত  মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম পেট্ৰ কেমিকেলছৰ অধ্যক্ষ বিকুল চন্দ্ৰ ডেকা, নামৰূপ তাপ বিদ্যুৎ কেন্দ্ৰৰ ভাৰ প্ৰাপ্ত মহা প্ৰবন্ধক  মহম্মদ জাকিৰ, বি ভি এফ চি এলৰ উৎপাদন সঞ্চালক দিগম্বৰ সাহাই, বিপনন মহা প্ৰবন্ধক যোগেশ কুমাৰ গৱেল উদযাপন সমিতিৰ সভাপতি পংকজ গগৈকে মুখ্য কৰি বিভিন্ন দল সংগঠনৰ বিষয় ববীয়া।

সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে বিহু সুৰক্ষা সমিতি অসম ৰ সম্পাদক প্ৰধান পবিত্ৰ মহন  ফুকন। নিদিষ্ট বক্তা ভাষণত  কেৱল বিহু সন্মিলন পাতিলেই যে বিহু সুৰক্ষিত নহয় তাক বিশদ ভাবে আলোকপাত কৰে।  বিহু বিজতৰীয়া   হোৱা সন্দৰ্ভত তেওঁ কয় যে   বৰ্তমান ছোৱালীয়েও চুৰিয়া পঞ্জাৱী পিন্ধি চোতালে চোতালে  হুঁচৰি গাই ফুৰা দেখা গৈছে ।  ই পৰম্পৰাৰ পৰিপন্থী বুলি  ভৎসনা কৰে বক্তা গৰাকীয়ে।

একাংশই কেৱল ধনৰ লালসাত   লাইট ,মাইক, লৈ ধনী চোতাল বিচাৰি   হুঁচৰি গাবলৈ যোৱা কাৰ্যই বিহুক  ধনীৰ চোতালৰ সাংস্কৃতিক সন্ধিয়ালৈ ৰূপান্তৰ কৰিছে বুলি কটাক্ষ কৰে  বক্তা গৰাকীয়ে। সভাত উদ্যোগ টোৰ  মুৰব্বী ডঃ মহান্তিয়ে  শুভেচ্ছা মূলক বক্তব্যত কয় যে  তেওঁ উদ্যোগটোত যোগদান কৰা সাত মাহতে   অসমৰ স্বচ্ছল সংস্কৃতি বুজি উঠিছে আৰু দেশৰ ভিতৰতে অসমৰ  কলা সংস্কৃতি শ্ৰেষ্ঠ বুলি মন্তব্য কৰে । মুকলি সভাত ব্ৰহ্মপুত্ৰ নামেৰে এখন স্মৃতি গ্ৰন্থও উন্মোচন কৰে অধ্যক্ষ গৰাকীয়ে ।   নিশা সংস্কৃতিক সন্ধিয়া সুবাসনা দত্ত ৰ গীতৰ শৰাইৰে  অনুষ্ঠানৰ সামৰণি পৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in