বিএছএফ জোৱান গ্ৰেপ্তাৰ
বিএছএফ জোৱান গ্ৰেপ্তাৰ 
অসম

নাবালিকাক বলাৎকাৰৰ অভিযোগত বিএছএফ জোৱান গ্ৰেপ্তাৰ...

Asomiya Pratidin

ডিজিটেল সংবাদ, চিৰাংঃ চিৰাঙৰ বাসুগাঁৱত এজন বিএছএফ জোৱানৰ বিৰুদ্ধে নাবালিকাক বলাৎকাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে ।

নিৰ্যাতিতা কিশোৰী গৰাকীৰ অভিযোগৰ ভিত্তিত বাসুগাঁও থানাৰ আৰক্ষীয়ে বৃহস্পতিবাৰৰ নিশা অভিযুক্ত বিএছএফ জোৱান জনক গ্ৰেপ্তাৰ কৰে ।

অভিযুক্ত বিএছএফ জোৱান জনৰ নাম ৰূপজ্যোতি সিংহ (২২)। অভিযোগ অনুযায়ী বঙাইগাঁও জিলাৰ বিদ্যাপুৰ এলেকাৰ এগৰাকী ১৭ বছৰীয়া কিশোৰীৰ সৈতে চিৰাং জিলাৰ কাকাৰাগাঁৱৰ বাসিন্দা বিএছএফ জোৱান ৰূপজ্যোতি সিংহৰ প্ৰেমৰ সম্পৰ্ক আছিল ।

ৰূপজ্যোতি সিংহই কিশোৰী গৰাকীক বিবাহ কৰাৰ ভুৱা প্ৰতিশ্ৰুতি দি তাইৰ সৈতে বহুবাৰ শাৰীৰিক সম্পৰ্ক স্থাপন কৰিছে ।

কিন্তু কিছুদিন ধৰি বিএছএফ জোৱান ৰূপজ্যোতি সিংহই কিশোৰী গৰাকীৰ সৈতে সম্পৰ্ক বিচ্ছিন্ন কৰি আঁতৰি থকাৰ চেষ্টা চলাই আছিল ।

কিন্তু বুধবাৰ নিশা বাসুগাঁও চহৰত দুয়োৰে মাজত প্ৰেম-বিচ্ছেদক কেন্দ্ৰ কৰি প্ৰচণ্ড কাজিয়া আৰু মাৰপিট পৰ্যন্ত সংঘটিত হয় । তাৰ পিছত কিশোৰী গৰাকীয়ে বাসুগাঁও থানাত বিএছএফ জোৱান ৰূপজ্যোতি সিংহৰ বিৰুদ্ধে বলাৎকাৰ কৰা অভিযোগ দাখিল কৰে ।

কিশোৰীগৰাকীৰ অভিযোগৰ ভিত্তিতে বাসুগাঁও থানাৰ আৰক্ষীয়ে গোচৰ পঞ্জীয়ন কৰি বৃহস্পতিবাৰ নিশা কৌশলপূৰ্ণ ভাৱে অভিযুক্ত বিএছএফ ৰূপজ্যোতি সিংহক পকচ’ আইনৰ অধীনত গ্ৰেপ্তাৰ কৰে ।