orang
orang 
অসম

ঢেকিয়াজুলি আঞ্চলিক বড়ো সাহিত্য সভাৰ সোণালী জয়ন্তী অনুষ্ঠানৰ লাইখুটা স্থাপন...

Asomiya Pratidin

ডিজিটেল সংবাদ, ওৰাং : ঢেকিয়াজুলিৰ হুগ্ৰাজুলি অঞ্চলৰ চপাই ৰৌমাৰীৰ গুজুন পথাৰত এক উদুলি-মুদুলি পৰিৱেশে বিৰাজ কৰিছে। অঞ্চলটোৰ বড়ো জনগোষ্ঠীৰ ৰাইজে দলে-বলে ওলাই আহি চপাই ৰৌমাৰীৰ গুজুন পথাৰত অনুষ্ঠিত ঢেকিয়াজুলি আঞ্চলিক বড়ো সাহিত্য সভাৰ সোণালী জয়ন্তী বৰ্ষ উদযাপনৰ প্ৰথম কাৰ্যসূচী লাইখুটা স্থাপনত অংশ লয় ৷

সেই উদ্দেশ্যে পুৰুষ-মহিলা, ডেকা-গাভৰু সকলোৱে বড়ো জনগোষ্ঠীৰ জাতীয় নৃত্য কৰি এক উৎসৱ মুখৰ পৰিৱেশৰ সৃষ্টি কৰে ৷ উল্লেখ্য যে ঢেকিয়াজুলি আঞ্চলিক বড়ো সাহিত্য সভাৰ সোণালী জয়ন্তী অনুষ্ঠানটি অহা ২৮, ২৯ আৰু ৩০ ডিচেম্বৰত অনুষ্ঠিত হ’ব হুগ্ৰাজুলিৰ চপাই ৰৌমাৰীৰ গুজুন পথাৰত ৷

এই অনুষ্ঠান সফল কৰি তুলিবলৈ ঢেকিয়াজুলি আঞ্চলিক বড়ো সাহিত্য সভাই ব্যাপক প্ৰস্তুতি চলাইছে ৷ পূজা অৰ্চনা আৰু প্ৰাৰ্থনাৰে লাইখুটা স্থাপন কৰা হয় ৷ শোণিতপুৰ জিলা বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি অমৃত মাচি দৈমাৰী আৰু ঢেকিয়াজুলি আঞ্চলিক বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি দধিমোহন বড়োৱে লাইখুটা স্থাপন কৰে।

আদৰণি সমিতিয়ে সাহিত্য প্ৰেমী ৰাইজক আদৰিবলৈ সাজো হৈছে বুলি জানিবলৈ দি অঞ্চলটোৰ জাতি বৰ্ণ-ধৰ্ম নিৰ্বিশেষে সকলোৰে উপস্থিতি আৰু সহযোগীতা কামনা কৰিছে আদৰণি সমিতিয়ে ৷