অসম

ব'হাগ আৰু বতৰ : মাকৰ ঘৰলৈ নগ'ল নেকি বৰদৈচিলা...

Asomiya Pratidin

ডিজিটেল ডেস্ক : সলনি হৈছে বতৰ। বিগত কেইবছৰ মানৰ পৰা জলবায়ুৰ পৰিৱৰ্তনৰ ৰূপৰেখা বাৰুকৈয়ে পৰিস্ফূত হৈছে অসমৰ চৌদিশে। ভিন্ন কাৰণত পৰিৱৰ্তন হোৱা জলবায়ুৰ বাবে যেন নিজস্বতা হেৰুৱাইছে উৎসৱ-সংস্কৃতিৰ উপাদানবোৰেও।

বিহু অসমৰ প্ৰাণ। ৰঙালী, কঙালী, ভোগালী অসমীয়াৰ আয়ুস ৰেখা হিচাপে প্ৰতিপন্ন হৈ আহিছে। এই উৎসৱ বাদ দি আমাৰ নাই কোনো পৰিচয়। সংস্কৃতিৰ অনবদ্য ধাৰা বজাই ৰখা এই তিনি বিহুৰ অন্যতম হ'ল ৰঙালী। নাম যেনে ৰঙালী, এই বিহুত ঠিক তেনেকুৱাই ৰঙীয়াল হয় প্ৰতিজন অসমীয়াৰ মন।

পিছে আমি সকলোৱে জ্ঞাত যে, আমাৰ এই উৎসৱ বোৰৰ লগত প্ৰকৃতিৰ উত:প্ৰোত সম্বন্ধ আছে। ৰঙালীৰ আগমনৰ পূৰ্বে প্ৰকৃতিয়ে বতৰ সলনি কৰে। যেন এটা ৰূপৰ পৰা অন্য এটা ৰূপ ধাৰণ কৰে প্ৰকৃতিয়ে। ব'হাগৰ আগমনৰ পূর্বে ফাগুনত সৰি পৰে বিৰিখৰ পাত, চ'তত আৰম্ভ হোৱা বৰষুণে পুনৰ ন-ৰূপত সজাই তোলে সেই বিৰিখক। এইয়াও যেন পৰম্পৰা। ব'হাগৰ পূৰ্বে যেন ন-চোলা পিন্ধিবই প্ৰতিজোপা বিৰিখে।

ঠিক তেনেকুৱাই পৰম্পৰা লৈ পৰিণত হৈ আহিছে বৰদৈচিলা। বৰদৈচিলা কি সেইয়া নতুনকৈ অসমীয়াক বুজাই কোৱাৰো প্ৰয়োজন নাই। প্ৰাকৃতিক বিধ্বংসীকো অসমীয়াই আকোঁৱালি ল'ব জানে। সাজু থাকিব জানে প্ৰকৃতিৰ তাণ্ডবক হেলাৰঙে পাৰ কৰিবলৈ। ধ্বংসৰ পিছতো ৰঙালীয়াল হৈ মতলীয়া হ'ব পাৰে ভৰ যৌৱনা ৰঙালীৰ বুকুত।

প্ৰতিবছৰে এই বৰদৈচিলাই অসমীয়া জনগণৰ সা-সম্পত্তি বিনষ্ট কৰি আহিছে। বিহুৰ প্ৰাক ক্ষণত কাৰোবাৰ ঘৰ ভাঙে, কাৰোবাৰ আকৌ শাকনি বাৰী খনেই উচন হয়। ইপিনে বৰদৈচিলাৰ সমান্তৰালভাৱে অহা ধাৰাষাৰ বৰষুণৰ কোবত পথাৰত জমা হোৱা পানীয়ে কৃষকৰ মনত সুখী সুখী ভাৱৰ ঢৌ তোলে।

এইয়াও অসমীয়াৰ ব'হাগ। পিছে সেই ব'হাগত যেন এতিয়া আধুনিকতাৰ পৰশ লাগিল। প্ৰকৃতিয়েও যেন অভিমান কৰি সলনি কৰিছে নিজৰ ৰং-ৰূপ। জলবায়ুৰ পৰিৱৰ্তনে নাইকীয়া কৰিছে প্ৰকৃতিৰ সেই নিজস্বতা। কম পৰিমাণৰ বৰষুণৰ ফলত এতিয়া গৰু-গা ধুৱাবলৈও পথাৰত পানীৰ অভাৱ।

ঠিক তেনেদৰে বৰদৈচিলাইও যেন অভিমান কৰি বাট সলাইছে। অন্য বছৰ বোৰৰ দৰে বিগত কেইবছৰ মানত নাই বৰদৈচিলাৰ ধ্বংসাত্মক ৰূপ। ধ্বংসৰ পৰা বাছি যোৱাত চহা লোকৰ সুবিধা হৈছে যদিও যেন প্ৰকৃতিৰ পৰম্পৰাত আঘাত লগাত সুখী নহয় সাধাৰণ লোক। চলিত বছৰত দুই এজাক বতাহে উজনিৰ কেইখনমান ঠাইত শিলাবৃষ্টি তথা পাতলীয়া বতাহে দেখা দিছিল যদিও বৰদৈচিলাৰ নাহিল অসমৰ বুকুলৈ। বৰদৈচিলাই যেন পাহৰিল মাকৰ ঘৰৰ বাট...