অসম

পাকিস্তানৰ পৰা ভাৰতলৈ ড্ৰ'ণেৰে সৰবৰাহ হয় ড্ৰাগছ

Asomiya Pratidin

ডিজিটেল ডেস্ক : দক্ষিণ-পূৱ এছিয়াৰ ৰাষ্ট্ৰসমূহত গুৰুতৰ ৰূপত দেখা দিছে ড্ৰাগছৰ সমস্যাই । বাৰ্মা, লাউচ আৰু থাইলেণ্ডৰ নিকটৱৰ্তী প্ৰতিখন ৰাষ্ট্ৰই এই সমস্যাত ভাৰাক্ৰান্ত । ভাৰতেও এই সমস্যা দূৰ কৰিবলৈ যথেষ্ট চেষ্টা চলাই আহিছে যদিও সফল হ'ব পৰা নাই বৰ্তমানলৈ । প্ৰতিদিনেই সৰবৰাহকাৰীসকলৰ ন ন কৌশলৰ সন্মুখত যেন অসহায় প্ৰশাসনো । তেনে এক ঘটনাই ঘটিল পাঞ্জাৱত ।

পাকিস্তানৰ পৰা ড্ৰাগছ সৰবৰাহকাৰীয়ে ড্ৰ'ণৰ জৰিয়তে ড্ৰাগছ সৰবৰাহ কৰি থকা অৱস্থাত ভাৰতীয় সেনাই গুলীয়াই বিধ্বস্ত কৰে ড্ৰ'ণ ।

উল্লেখ্য যে, সোমবাৰে পাঞ্জাৱৰ অমৃতসৰৰ সীমান্তৱৰ্তী এলেকাত সীমা সুৰক্ষা বলে পাকিস্তানৰ পৰা ড্ৰ'ণ এখন উৰি অহা প্ৰত্যক্ষ কৰে । তৎক্ষণাৎ সীমা সুৰক্ষা বলৰ ১৪৪ নং দলে ড্ৰ'ণখন গুলীয়াই বিধ্বস্ত কৰি পৰৱৰ্তী সময়ত ড্ৰ'ণখনত হেৰ'ইনৰ দুটাকৈ পেকেট প্ৰত্যক্ষ কৰে । প্ৰায় ৩.৩ কেজি ওজনৰ পেকেট দুটাৰ বজাৰ মূল্য বৰ বেছি নহ'লেও এনেদৰে ড্ৰাগছৰ সঘন সৰবৰাহ কৰা হয় বুলি সন্দেহ কৰা হৈছে বৰ্তমান ।