অসম

"ধনশিৰি পাৰৰ বিহুনাম" শীৰ্ষক গ্ৰন্থ উন্মোচন

Asomiya Pratidin

ডিজিটেল সংবাদ,বোকাখাতঃ বোকাখাতৰ পুৱতি সাহিত্য সভা ভৱনত কবি ঔপন্যাসিক দিলীপ ফুকনে মঙলবাৰে উন্মোচন কৰে "ধনশিৰি পাৰৰ বিহুনাম" শীৰ্ষক গ্ৰন্থখন। গ্ৰন্থখনিৰ বিহুনামসমূহ সংগ্ৰহ কৰিছে বিশিষ্ট ঢুলীয়া ওজা নৰেন্দ্ৰ নাথ বৰা, ধনেশ্বৰ শইকীয়া আৰু প্ৰয়াত শিক্ষক লুহিত শইকীয়াই।

বিশেষকৈ ধনশিৰি নদীৰ পাৰৰ অঞ্চলসমূহত অতীজৰে পৰা প্ৰচলিত হৈ থকা বিহুনামসমূহ সংগ্ৰহ কৰি "ধনিশিৰি পাৰৰ বিহুনাম" গ্ৰন্থখনত সন্নিবিষ্ট কৰা হৈছে।

গ্ৰন্থ উন্মোচনী ভাষণত কবি ঔপন্যাসিক দিলীপ ফুকন বৰ্তমানলৈকে বিহুনামসমূহৰ প্ৰনালীৱদ্ধভাৱে গবেষণামূলক চৰ্চা নোহোৱা বুলি উল্লেখ কৰি কয় যে বস্তুনিষ্ঠ আলোচনা নোহোৱাৰ বাবেই বহু সময়ত বিহুনামসমূহ বিকৃত হৈছে আৰু ই নৃতাত্বিক পৰিচয় হেৰুৱাই গৈ আছে। লগতে উন্মোচকগৰাকীয়ে বিহুনামৰ ছন্দ, সুৰ আৰু ইয়াৰ ৰচনা সন্দৰ্ভত এক বস্তুনিষ্ঠ আলোচনা আগবঢ়ায়।

বিহুনামসমূহৰ বিকৃতি আৰু আপোন পৰিচয়ৰ ক্ষেত্ৰত আহি পৰা ব্যাপক বিভ্ৰান্তিৰ বাবেই "ধনশিৰি পাৰৰ বিহুনাম"ৰ দৰে এখন গ্ৰন্থ প্ৰস্তুত কৰি উলিওৱাৰ প্ৰয়োজনীয়তা আহি পৰিল বুলি ভাষণ প্ৰসংগত উল্লেখ কৰে গ্ৰন্থখনৰ আনগৰাকী বিহুনাম সংগ্ৰাহক লোক সংস্কৃতিৰ গৱেষক ধনেশ্বৰ শইকীয়াই।

ধনেশ্বৰ শইকীয়াই আঁত ধৰা মঙলবাৰৰ গ্ৰন্থ উন্মোচনী অনুষ্ঠানটোত উপস্থিত থাকে বিশিষ্ট সাংবাদিক ভবানন্দ কলিতা, বুবুল দত্ত, সমাজকৰ্মী মনো বৰা, লেখিকা নিজৰা বৰঠাকুৰ, সুবৰ্ণ শইকীয়া, অপূৰ্ব বৰদলৈ, ঢুলীয়া ওজা নৰেন্দ্ৰ নাথ বৰা, পল্লৱ হাজৰিকাকে আদি কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি।