অসম

'দুৰ্দিনৰ গদ্য' উন্মোচন

Asomiya Pratidin

ডিজিটেল ডেস্ক: বুদ্ধিজীৱি ড০ হীৰেন গোহাঁই ,দিল্লী বিশ্ববিদ্যালয়ৰ প্ৰবক্তা তথা আন্তঃৰাষ্ট্ৰীয় বুদ্ধিজীৱি মনোৰঞ্জন মাহান্তি, বিশিষ্ট চিন্তাবিদ অপূৰ্ব কুমাৰ বৰুৱা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰবক্তা অখিলৰঞ্জন দত্তৰ হাতেৰে উন্মোচিত হ'ল " দুৰ্দিনৰ গদ্য"। নিবন্ধকাৰ পদ্মলোচন নাথৰ নৱতম গ্ৰন্থ "দুৰ্দিনৰ গদ্য"খনি প্ৰয়াস অধ্যয়ন চক্ৰৰ দ্বাৰা প্ৰকাশিত ।

স্তম্ভ লেখক নিবন্ধকাৰ পদ্মলোচন নাথৰ নিৰ্বাচিত স্তম্ভ লেখাৰ সংকলন দুৰ্দিনৰ গদ্য আজি দুপৰীয়া কটন কলেজৰ চুডমাৰ্চন হ'ল প্ৰাংগনৰ এটি বৈঠকত উন্মোচন কৰা হয়। উল্লেখযোগ্য যে আজি কটন কলেজৰ চুডমাৰ্চন হলত ড০ হীৰেন গোহাঁইৰ সন্মানেৰ্থে গনতন্ত্ৰত জনস্বাৰ্থৰ প্ৰতি দায়বদ্ধ বুদ্ধিজীৱিৰ ভূমিকা শীৰ্ষক এটি বক্তৃতা প্ৰদান কৰে দিল্লী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক তথা আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ৰ এগৰাকী গৱেষক পণ্ডিত ড০ মনোৰঞ্জন মহাতন্তিয়ে। বক্তৃতা প্ৰদানৰ পাছত হোৱা আলাপ-আলোচনাৰ মাজতে বক্তৃতাৰ কেন্দ্ৰীয় বিষয়বস্তুৰ লগত সংগতিপূৰ্ণ ৰচনাৰ সংকলন 'দুৰ্দিনৰ গদ্য' উন্মোচন কৰে।

উন্মোচন কৰি আগবঢ়োৱা চমু বক্তব্যত ড০ গোহাঁইয়ে পদ্মলোচন নাথৰ লেখা অতি শক্তিশালী তথ্যপূৰ্ণ সাহসিকতাগপূৰ্ণ বুলি কয়। লগতে কয় যে যোৱা সময়চোৱাত অবিৰত ভাৱে সাম্প্ৰদায়িকতা ধৰ্মিয় মৌলবাদ আৰু গণতন্ত্ৰ বিৰোধী জনবিৰোধী শক্তিসমূহৰ বিৰুদ্ধে আপোচহীন স্থিতি গ্ৰহণ কৰি আদৰ্শগত সংগ্ৰাম চলাই থাকি এটা দৃষ্টান্তৰ সৃষ্টি কৰিছে। উক্ত বৈঠকত গ্ৰন্থখনৰ প্ৰকাশক বোকাখাতৰ "প্ৰয়াস অধ্যয়ন চক্ৰ"ৰ মুখ্য সম্পাদক সোনেশ্বৰ নৰহে শ্ৰী নাথৰ গ্ৰন্থউন্মোচনী সভাৰ আঁত ধৰে ।

আৰু পঢ়ক: নগাঁৱত 'সেউজ দ্বীপৰ বাসিন্দা' শীৰ্ষক গ্ৰন্থ উন্মোচন গৱেষক তিলক চন্দ্ৰ মজুমদাৰৰ