অসম

বকোত ৩ দিন ধৰি সন্ধানহীন ব্যক্তিৰ মৃতদেহ উদ্ধাৰ…

asomiyapratidin

ডিজিটেল সংবাদ, বকো: কামৰূপ জিলাৰ বকোত মঙলবাৰে সন্ধানহীন হৈ থকা লোক এজনৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাৰ বিৱৰণী মতে যোৱা ১৬ মে'ৰ নিশা বকো থানাৰ ছমৰীয়া পহৰা চকীৰ অন্তৰ্গত ছমৰীয়াৰ সদা কলিতা(৬০) নামৰ লোকগৰাকী ঘৰৰ পৰাই সন্ধানহীন হয়।

স্মৃতিহীন ৰোগত আক্ৰান্ত সদা কলিতাৰ পুত্ৰ বিকাশ কলিতাই পিতৃ সন্ধানহীনহৈ পৰা ঘটনা সন্দৰ্ভত পিছদিনা ছমৰীয়া পহৰা চকীৰ আৰক্ষীক লিখিতভাৱে জনায়। মঙলবাৰে ৰাতিপুৱা সদা কলিতাৰ মৃতদেহ ঘৰৰ পিছফালে থকা খাল এটাত উদ্ধাৰ হয় । ছমৰীয়া পহৰা চকীৰ আৰক্ষীয়ে সদা কলিতাৰ মৃতদেহ মৰোনত্তৰ পৰীক্ষা কৰি আনি বিয়লি অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰে ।