অসম

বঙাইগাঁৱত চিলনী চোৰৰ সন্ত্ৰাসঃ আটক দুই চোৰসহ ব্যৱসায়ী

Asomiya Pratidin

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ চিলনী চোৰৰ দৌৰাত্মৰ বাবে ৰে'লযাত্ৰীসকলৰ যাত্ৰা কঠিন হৈ পৰিছে । দিনক দিনে বৃদ্ধি পোৱা চিলনী চোৰৰ সন্ত্ৰাসৰ ফলত বহু ৰে'লযাত্ৰী সৰ্বস্বান্ত হোৱাৰ বহু উদাহৰণ আছে যদিও ৰে'লবিভাগে বিষয়টোৰ ওপৰত কোনোধৰণৰ গুৰুত্ব প্ৰদান নকৰে ।

খিৰিকীৰে মোবাইল কাঢ়ি নিয়া, ৰে'লযাত্ৰীৰ বেগ কাঢ়ি নিয়া আদি ঘটনা নিত্য নৈমিত্তিক ঘটনাত পৰিণত হোৱাৰ সময়তে সোমবাৰে নামনিমুৱা কামৰূপ এক্সপ্ৰেছৰ পৰা চিলনী চোৰে এটা মোবাইল কাঢ়ি নিয়াৰ পিছত ৰে'লৱে আৰক্ষীয়ে দুটা চিলনী চোৰ ধৰিবলৈ সক্ষম হোৱাৰ লগতে এগৰাকী ব্যৱসায়ীকো আটক কৰে । আটকাধীন চোৰ দুটা বঙাইগাঁৱ ৰে'লৱে ষ্টেচনৰ সমীপৰে সন্তোষ গয়াৰী ওৰফে বল্টু আৰু সুকু মণ্ডল বুলি জানিব পৰা গৈছে।

প্ৰাপ্ত বাতৰি মতে, ধেমাজী জিলাৰ চিলাপথাৰৰ পৰিতোষ নাথে নামনিমুৱা কামৰূপ এক্সপ্ৰেছযোগে নিউ জলপাইগুৰীলৈ গৈ আছিল। আনুমানিক ১১:৫৮ মান বজাত বঙাইগাঁও ৰে'লৱে ষ্টেচনৰ পৰা ৰে'লখনে চলিবলৈ লওঁতেই চিলনীচোৰে খিৰিকীৰ কাষত বহি মোবাইলত কথা পাতি থকা পৰিতোষ নাথৰ মোবাইলটো থাপ মাৰি লৈ যায়।

ৰে'লৰ গতিবেগ বাঢ়ি যোৱাত উপায়হীন হৈ পৰিতোষ নাথ চিলনী চোৰটোক ধৰিব নোৱাৰে। ক্ষন্তেক পিছত নিউ বঙাইগাঁও ৰে'লৱে জংচনত ৰে'লখন ৰখাত পৰিতোষ নাথে ঘটনাৰ সন্দৰ্ভত ৰে'লৱে আৰক্ষীক অৱগত কৰে আৰু এজাহাৰ দাখিল কৰে। ৰে'লৱে আৰক্ষীয়ে প্ৰথমে সন্দেহত এজন যুৱকক কৰায়ত্ব কৰি সোধপোছ কৰাত উক্ত যুৱকজনে চিলনী চোৰ দুটাৰ সন্ধান দিয়ে।

আৰক্ষীয়ে চিচি টিভিৰ ফুটেজ চাই নিশ্চিত হৈ পিছত চিলনী চোৰ দুটাক আটক কৰি সোধপোছ কৰাত মোবাইলৰ সন্ধান লাভ কৰে। চিলনী চোৰ দুটাই মোবাইলটো এখন দোকানত বিক্ৰী কৰিছিল। আৰক্ষীয়ে মোবাইলটো উদ্ধাৰ কৰাৰ লগতে জনৈক চাহু নামৰ দোকানীজনকো আটক কৰিছে । দিন দুপৰতে এনেদৰে ৰে'লযাত্ৰীৰ ওপৰত চিলনী চোৰৰ সন্ত্ৰাসে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে জিলাখনত।