সোণাপুৰত আৰক্ষীৰ অভিযানঃ টকা সহ জব্দ ৩খন নকল সোণৰ বিস্কুট

সোণাপুৰত নকল সোণৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। অভিযানত জব্দ নকল সোণসহ নগদ ধন কৰিছে আৰক্ষীয়ে।

author-image
Asomiya Pratidin
New Update
সোণাপুৰত আৰক্ষীৰ অভিযানঃ টকা সহ জব্দ ৩খন নকল সোণৰ বিস্কুট

প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ সোণাপুৰত নকল সোণৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। অভিযানত জব্দ নকল সোণসহ নগদ ধন কৰিছে আৰক্ষীয়ে। তদুপৰি ঘটনাৰে জড়িত থকাৰ অভিযোগত আটক কৰিছে এজনক।

Advertisment

আটকাধীন নকল সোণৰ ব্যৱসায়ী হ'ল চাহজাহান আলী। চাহজাহান আলীৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে ৩খন নকল সোণৰ বিস্কুট আৰু ৪২ হাজাৰ টকা। উল্লেখ্য চাহজাহান আলীৰ ঘৰ সোণাপুৰৰ কচুতলীত বুলি জানিব পৰা গৈছে। ঘটনা সন্দৰ্ভত অধিক তথ্য লাভৰ বাবে আৰক্ষীৰ আৰম্ভ কৰিছে তদন্ত।

Also Read: আমাৰ ছাৰ এনেকুৱা নহয়...

Assam police