বড়োলেণ্ড

দিব্যাঙ্গ ক্ৰিকেট প্ৰতিযোগিতাত ঝাৰখণ্ড দলৰ হৈ খেলিব ওদালগুৰিৰ যুৱকে

Asomiya Pratidin

ডিজিটেল সংবাদ, ওদালগুৰিঃ ওদালগুৰিলৈ আশাৰ সঞ্চাৰ কঢ়িয়াইছে হৃদয়ানন্দ শৰ্মাই। উত্তৰ প্ৰদেশৰ আলিগড়ত ১৪ মাৰ্চৰ পৰা ১৮ মাৰ্চলৈ অনুষ্ঠিত হ'বলগীয়া টি-২০ দিব্যাঙ্গ ক্ৰিকেট প্ৰতিযোগিতাত ঝাৰখণ্ড দলৰ হৈ খেলিব শৰ্মাই।

ওদালগুৰি জিলাৰ সদৰ আৰক্ষী থানাৰ অন্তৰ্গত ৰঙামাখা গাওঁৰ নিৱাসী পিতৃ ভদ্ৰকান্ত শৰ্মা আৰু মাতৃ অকন শৰ্মাৰ পুত্ৰ হৃদয়ানন্দ শৰ্মা হৈছে দিব্যাঙ্গ ক্ৰিকেট খেলুৱৈ। ইতিমধ্যে কেইৱাখনো ৰাজ্যত দিব্যাঙ্গ দলৰ হৈ খেলিছে শৰ্মাই।

উত্তৰ প্ৰদেশৰ আলিগড়ত আজিৰে পৰা ১৮ মাৰ্চলৈ অনুষ্ঠিত হ'বলগীয়া টি-২০ দিব্যাঙ্গ ক্ৰিকেট প্ৰতিযোগিতাত ঝাৰখণ্ড দলৰ হৈ খেলিব। উক্ত ক্ৰিকেট প্ৰতিযোগিতাখনিৰ উত্তৰ প্ৰদেশ, ৰাজস্থান, দিল্লী, উত্তৰাখণ্ড, গুজৰাট, ঝাৰখণ্ড, হাৰিয়ানা আৰু মধ্য প্ৰদেশসহ মুঠ আঠখন ৰাজ্যই অংশ গ্ৰহণ কৰিব। খেলখনত ওদালগুৰিৰ হৃদয়ানন্দ শৰ্মাৰ সৈতে একেটা দলতে খেলিব তিনিচুকীয়া জইলাৰ মাধুৰ্য্য বৰগোহাই নামৰ ক্ৰিকেটাৰগৰাকীয়েও।

উল্লেখযোগ্য যে অসমৰ দুয়োগৰাকী খেলুৱৈয়ে ২০২৩ চনৰ জুন মাহত মহাৰাষ্ট্ৰৰ চোলাপুৰত অনুষ্ঠিত সৰ্ব্বভাৰতীয় দিব্যাঙ্গ টি-২০ ক্ৰিকেট প্ৰতিযোগিতাত পূব মণ্ডল দলৰ হৈ আৰু ২৫ ডিচেম্বৰৰ পৰা ২৯ ডিচেম্বৰলৈ চণ্ডীগড়ৰ মহালীত অনুষ্ঠিত সৰ্ব্বভাৰতীয় দিব্যাঙ্গ ক্ৰিকেট লীগ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল।