বড়োলেণ্ড

ওদালগুৰি জিলা প্ৰশাসনৰ উদ্যোগত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন

Asomiya Pratidin

ডিজিটেল সংবাদ,ওদালগুৰি : ওদালগুৰি জিলা প্ৰশাসনৰ উদ্যোগত আৰু ওদালগুৰি জিলা তথ্য আৰু জনসংযোগ বিভাগৰ সহযোগত আজি ওদালগুৰিৰ জিলা আয়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন কৰা হয়। উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰি ওদালগুৰিৰ জিলা আয়ুক্ত ডা° চাদনেক সিঙে জিলাখনৰ সাংবাদিকসকলক প্ৰশংসা পত্ৰ, গামোচা আৰু আৰনাইৰে সম্বৰ্ধনা জনায়।

জিলা আয়ুক্তগৰাকীয়ে লগতে সংবাদ মাধ্যমৰ ভূমিকা আৰু অৱদান সন্দৰ্ভত ভাষণ আগবঢ়ায়। ইয়াৰ পিছতে 'কৃত্ৰিম বুদ্ধিমত্তাৰ যুগত সংবাদ মাধ্যম' বিষয়ত অনুষ্ঠিত হোৱা আলোচনা সভাত জিলা খনৰ সাংবাদিক সকলে নিজৰ ব্যক্তব্য আগবঢ়ায়।

জিলাখনৰ তথ্য আৰু জনসংযোগ বিষয়া অভিজিৎ ৰাজখোৱাই আঁত ধৰা এই অনুষ্ঠানত ওদালগুৰি প্ৰেছ ক্লাৱৰ সভাপতি ধীৰেন বৈশ্য,সম্পাদক গুণজিৎ দাস প্ৰমূখ্যে কৰি ওদালগুৰি প্ৰেছ ক্লাৱৰ বহুকেইজন সাংবাদিক উপস্থিত থাকে।

ইফালে জিলাখনৰ ওৰাঙত পূব ওদালগুৰি সাংবাদিক মঞ্চৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয় ৰাষ্ট্ৰীয় প্ৰেছ দিৱস। ছহিদ সাংবাদিকসকলক শ্ৰদ্ধাৰে সুঁৱৰি অনুষ্টুপীয়াকৈ অনুষ্ঠিত হয় ৰাষ্টীয় প্ৰেছ দিৱসটি।

সমান্তৰালকৈ ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ লগত সংগতি ৰাখি পূব ওদালগুৰি সাংবাদিক মঞ্চৰ অস্থায়ী কাৰ্যালয় ওৰাঙত আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰা হয়। কাৰ্যালয়টোৰ শুভ উদ্বোধন কৰে মঙলদৈ বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা মীন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাসে।

ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ লগত সংগতি ৰাখি পূৱ ওদালগুৰি সাংবাদিক মঞ্চই দুগৰাকী সাংবাদিকক সম্বৰ্ধনা জনায়। ইয়াৰ পিছতে সংবাদ মাধ্যমৰ মুক্ততা আৰু দায়বদ্ধতাৰ ওপৰত আলোচনা চক্ৰ অনুষ্ঠিত হয়।

ৰাষ্ট্ৰীয় প্ৰেছ দিৱস এই অনুষ্ঠানত সভাপতিত্ব কৰে পূৱ ওদালগুৰি সাংবাদিক মঞ্চৰ সভাপতি মুনিন্দ্ৰ কলিতাই আৰু সভাৰ উদ্দেশ্য বাখ্যা আগবঢ়াই মঞ্চৰ সম্পাদক যতীন ডেকাই। এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত গুৰুজ্যোতি দাসৰ লগত সংগ দিয়ে বিটিচিৰ পাচনৈ ছেৰফাং পৰিষদীয় সমষ্টিৰ পাৰিষদ‌ দীপক মৌৰ, ওদালগুৰি জিলা বিজেপি যুৱ মৰ্চাৰ জিলা সভাপতি সমৰ হাজৰিকা ওৰাঙৰ সমাজকৰ্মী বেণুধৰ অধিকাৰী। ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ এই অনুষ্ঠানত উপস্থিত থাকে পূব ওদালগুৰি সাংবাদিক মঞ্চৰ অৰ্ধ শতাধিক সাংবাদিক।