ভাৰত-ভূটান সীমান্ত এলেকাত বনগৰুৰ আতংকঃ গুৰুতৰ ভাৱে আহত দুজন...
ভাৰত-ভূটান সীমান্ত এলেকাত বনগৰুৰ আতংকঃ গুৰুতৰ ভাৱে আহত দুজন... 
বড়োলেণ্ড

ভাৰত-ভূটান সীমান্ত এলেকাত বনগৰুৰ আতংকঃ গুৰুতৰ ভাৱে আহত দুজন...

Asomiya Pratidin

ডিজিটেল সংবাদ চিৰাং: চিৰাং জিলাৰ বিজনীৰ ভাৰত-ভূটান সীমান্তৱৰ্তী পাণবাৰীৰ ৩ নং চাউৰাং গাঁৱত আজি পুৱাৰ ভাগত বনগৰুৰ আক্ৰমণত দুজন লোক আহত হয়। আহতদ্বয় ক্ৰমে ৩ নং চাউৰাং গাঁওৰ নিৱাসী দালসিং মুছাহাৰী (৪২) আৰু হাবিজুল ৰহমান (৩৮)।

বনগৰুৰ আক্ৰমণত আহত দুয়োকে পাণবাৰীৰ স্বাস্থ্য কেন্দ্ৰলৈ লৈ যোৱা হয় যদিও আহতদ্বয়ৰ অৱস্থা গুৰুতৰ হোৱাত চিকিৎসকে উন্নত চিকিৎসাৰ বাবে কাজলগাঁৱৰ জে এচ বি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

উল্লেখ্য কাষৰীয়া মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা তিনিটা বন গৰুৱে ৩ নং চাউৰাং গাঁৱত প্ৰৱেশ কৰি এই লোক দুজনক আক্ৰমণ কৰি গুৰুতৰ ভাবে আহত কৰে। বনগৰু জনাঞ্চললৈ আহি ত্ৰাসৰ সৃষ্টি কৰাৰ খবৰ লাভ কৰি বনবিভাগৰ লোক গাঁওখনত উপস্থিত হৈ মাইক যোগে গাওঁবাসীক সতৰ্ক কৰি দিয়ে।