বড়োলেণ্ড

বাক্সাত বাণিজ্যিক ভিত্তিত গাহৰি পালনৰ প্রশিক্ষণ

Asomiya Pratidin

ডিজিটেল সংবাদ,তামুলপুৰ : কৃষি বিজ্ঞান কেন্দ্র, বাক্সা চৌহদত বাণিজ্যিক ভিত্তিত গাহৰি পালন আৰু বৃত্তিমূলক প্রশিক্ষণৰ বৃহস্পতিবাৰে সামৰণি পৰে ৷ যোৱা ১৮ মার্চৰ পৰা ২১ মার্চলে চাৰিদিনীয়াকৈ অনুষ্ঠিত উক্ত প্রশিক্ষণত জিলাখনৰ ভালেকেইখন গাঁৱৰ ২৬ গৰাকী গাহৰি পালকে অংশগ্রহণ কৰে।

প্ৰশিক্ষণৰ প্ৰথম দিনা জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী ড০ উৎপলজ্যোতি শৰ্মাই অনুষ্ঠানৰ শুভাৰম্ভ কৰে। ড০ শৰ্মাই কয় যে, গাহৰি পালন গ্ৰাম্য অর্থনীতিত যথেষ্ট অৰিহনা আছে। বৈজ্ঞানিক পদ্ধতিত আৰু বাণিজ্যিক ভিত্তিত গাহৰি পালনেৰে যুৱক - যুৱতীয়ে আত্মনির্ভৰশীল হ’ব পাৰে।

প্ৰশিক্ষণত বাক্সা জিলাৰ অসম ৰাজ্যিক গ্রাম্য জীৱিকা অভিযানৰ জিলা প্রকল্প পৰিচালক ডাঃ মৃদুলা ঠাকুৰীয়াই গাহৰি পালনৰ বিভিন্ন লাভজনক দিশসমূহ বাখ্যা কৰে। ইয়াৰোপৰি গাহৰি পালনৰ ক্ষেত্ৰত উত্তৰ পূর্বাঞ্চল তথা অসমৰ বর্তমান দৃশ্যপট বৰ্ণনা কৰে ৷

কৃষি বিজ্ঞান কেন্দ্র, বাক্সাৰ বিষয়বস্তু বিশেষজ্ঞ ড° দেবজিৎ ডেকাই বৈজ্ঞানিক পদ্ধতিৰে গাহৰি পালন কিদৰে কৰে তাৰ ওপৰত বক্তব্য ৰাখি গাহৰি পালনৰ পদ্ধতি, গৰাল বনোৱা, জাত বাছনি আৰু প্রতিপালনৰ বিষয়ে আলোচনা কৰে । অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনস্থ উদ্যান শস্য বিজ্ঞান আৰু কৃষি পদ্ধতি গবেষণা মহাবিদ্যালয়, নলবাৰীৰ সংযোগী অধ্যাপক ড০ দীপক কুমাৰ শর্মাই গাহৰিৰ বিভিন্ন সময়ত প্রতিপালন, সংহত আৰু বিভিন্ন সময়ত প্রতিপালন, গাহৰি - মীন পালন, চৰকাৰী আঁচনি, নথি পত্র ৰখাৰ বিষয়ে বিতংভাৱে আলোচনা কৰে।

আনহাতে মুছলপুৰস্থিত পশুচিকিৎসা বিষয়া ডা° জোনমণি বৰুৱাই গাহৰিৰ বেমাৰ আজাৰৰ লগতে চিটাকৰণৰ বিষয়ে সুন্দৰভাৱে আলোকপাত কৰে। অনুষ্ঠানটোৰ শেষৰ দিনা গাহৰি পালকৰ বিভিন্ন সমস্যা ঠাইতে সমাধান দিয়া হয় আৰু অংশগ্ৰহণকাৰীসকলৰ মাজত প্রমাণ পত্র প্রদান কৰা হয়।