নগাঁৱত 'কবিতাৰ বৰষুণ' শীৰ্ষক অনুষ্ঠান

নগাঁৱত 'কবিতাৰ বৰষুণ' শীৰ্ষক অনুষ্ঠান

author-image
Asomiya Pratidin
New Update
নগাঁৱত 'কবিতাৰ বৰষুণ' শীৰ্ষক অনুষ্ঠান

ডিজিটেল সংবাদ,নগাঁওঃ "আজি বিশ্ব কবিতাৰ দিন। বিশ্ব বুলি ক'লেই বিশালতাৰ কথা ,মানৱতাৰ কথা ! এনে বিশ্ব জাতিৰে ,ধৰ্মেৰে বা চৰ্মেৰে কিম্বা বৰ্ণেৰে খণ্ডিত মানুহৰ হ'ব নোৱাৰে ।

Advertisment

এই বিশ্ব সঁচা আৰু সাহসী মানুহৰ । সঁচা মানুহ সঁচা অৰ্থত সঁচা সূৰ্য। পৃথিৱীজুৰি পৰিব্যাপ্ত পোহৰৰে গঢ়িব জানে ঐক্য !" এইদৰে কয় বিশিষ্ট কবি প্ৰয়াগ শইকীয়াই। ৰঙাজিঞা কবি সন্মিলন, ৰাজপথৰ কবিতা আৰু নগাঁও নাগৰিক সভাৰ উদ্যোগত বৃহস্পতিবাৰে নগাঁৱৰ মতিৰাম বৰা উদ্যানত অনুষ্ঠিত বিশ্ব কবিতা দিৱসত অৰ্ধ শতাধিক কবিয়ে কবিতা পাঠ কৰে।

নগাঁও ৰঙাজিঞা কবি সন্মিলনৰ সভাপতি অশোক ৰাম ভট্টাচাৰ্য্যই সঞ্চালনা কৰা বিশ্ব কবিতা দিৱসত কবি প্ৰয়াগ শইকীয়া, মোলান লস্কৰ, শিবানন্দ কাকতি, কুমাৰ বিভূতি, অজিত কাকতি, জাকিৰ হুছেইন, ভাৰতী দেৱীয়ে কবিতা পাঠ কৰে। তেওঁলোকৰ উপৰি পৱন শৰ্মা, কবিতা দাস, ফাৰুক আহমেদ, নবীন কলিতা, জ্যোতিময়ী বৰুৱা, পুষ্পাঞ্জলী শইকীয়া, ভাৰতী দেৱী, নিজৰা শইকীয়া, ৰাজেন অসমীয়া, নগেন চন্দ্ৰ খাউণ্ড, পাপু মজুমদাৰ, নগেন চন্দ্ৰ খাউণ্ড, জয়ন্তী বৰা, নিৰু লস্কৰ, অজিত প্ৰতীম দাস, পুনিৰাম শইকীয়া, সূৰ্য কুমাৰ গগৈ, পংঙ্খী চক্ৰৱতী, দ্বীপ শিখা দাস, স্বপা দেৱী, লাকি দেৱী, হেমেন্দ্ৰ শৰ্মা, জীতেন শৰ্মা. চন্দ্ৰ বৰা, ননী গগৈ, নিৰুপ্ৰভা দেৱী, পবিত্ৰী ভৰালী, বাৰবী শইকীয়া, শৰৎ চন্দ্ৰ বৰা, বেবী শইকীয়া, গোলাপ বনাই কবিতা পাঠ কৰি উপস্থিত ৰাইজক আপ্লুত কৰে। আনহাতে মধু চৌধুৰী, নিৰুপ্ৰভা দেৱী, দিগন্ত ভাগৱতী আৰু বিৰিঞ্চি কুমাৰ বৰাই গীত পৰিৱেশন কৰি সকলোকে মোহিত কৰে।

"দেশৰ স্বাধীনতা যুঁজত জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, অম্বিকাগিৰী ৰায়চৌধুৰী, হেমাংগ বিশ্বাস ইত্যাদি মহান ব্যক্তিসকলে মানুহৰ, জাতিৰ মুক্তিৰ বাবে কবিতা-গান আদি লিখাৰ বাবে জে'লৰ ভাত খাইছিল। এতিয়াৰ নিৰানব্বৈ শতাংশ সাহিত্যতে সঁচা কথা পোৱা নেয়ায়। সেয়ে সাহিত্যৰ আদৰ কমিছে" বুলি ৰাজপথৰ কবিতাৰ সঞ্চালক দুলাল বৰাই আক্ষেপ কৰে।

সদৌ অসম কবি সন্মিলনৰ সহকাৰী সম্পাদক পৱন শৰ্মাই জ্যোতিপ্ৰসাদ, বিষ্ণুপ্ৰসাদ ৰাভাৰ কবিতা আবৃত্তি কৰে। নগাঁও নাগৰিক সভাৰ সহকাৰী সম্পাদক সঞ্জীৱ সাগৰ চৌধুৰীয়ে আঁত ধৰা অনুষ্ঠানটিৰ শেষত ভাষা থাকিলেহে জাতি থাকিব লাগিব বুলি কৈ এটি নিজে ৰচনা আৰু সুৰ দিয়া গীত পৰিবেশন কৰে। ৰঙাজিঞা শাখা কবি সন্মিলন সম্পাদিকা কবিতা বৰাই শলাগৰ শৰাই আগবঢ়ায়।

Also Read: শিল্পীৰ বহুত দাম, নেতায়ো জুৰিব বিহু নাম !

KOBITA