বড়োলেণ্ড

সমাজকৰ্মী অলকা মেধীৰ বিয়োগ

Asomiya Pratidin

ডিজিটেল সংবাদ,চিৰাং : চিৰাং জিলাৰ বাসুগাঁও চহৰৰ বিশিষ্ট মহিলা সমাজকৰ্মী তথা ধৰ্মপ্ৰাণ মহিলা অলকা মেধী (৭২)ৰ দেহাৱসান ঘটে। পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে মঙলবাৰে পুৱা ৬-০০ বজাত গুৱাহাটী মহানগৰীৰ ব্যক্তিগতখণ্ডৰ হাস্পতালত চিকিৎসাধীন অৱস্থাত আপোচবিহীন মহিলা সমাজকৰ্মী হিচাপে পৰিচিত অলকা মেধীয়ে শেষ নিশ্বাস ত্যাগ কৰে।

উল্লেখ কৰা প্ৰয়োজন যে বিগত দেওবাৰ নিশা বাসুগাঁৱস্থিত নিজ বাসগৃহত হঠাতে অসুস্থ হৈ পৰিছিল অলকা মেধী। অসুস্থ হৈ পৰাত তেঁওক পৰিয়ালৰ লোকে প্ৰথমাৱস্থাত বঙাইগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰিছিল যদিও পিছত চিকিৎসকৰ পৰামৰ্শ অনুযায়ী তেঁওক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীৰ নেমকেয়াৰ হাস্পতাল ভৰ্তি কৰিছিল।

পূৰ্বৰে পৰা শ্বাস-প্ৰশ্বাসজনিত সমস্যাত ভুগি থকা অলকা মেধীক বিগত দুদিন ধৰি গুৱাহাটীৰ নেমকেয়াৰ হস্পিতালত চিকিৎসা প্ৰদান কৰা হৈছিল যদিও আজি পুৱা পৰলোক গমন কৰে। উল্লেখ কৰা প্ৰয়োজন যে, তেখেতে বিভিন্ন সামাজিক কাম-কাজৰ উপৰি মহিলা সৱলীকৰণ, নাৰীৰ অধিকাৰৰ হকে সবল নেতৃত্ব প্ৰদান কৰিছিল।

মৃত্যুৰ আগমুহুৰ্তলৈকে কোকৰাঝাৰ-চিৰাং জিলা সন্মিলিত মহিলা সমিতিৰ সভানেত্ৰী আৰু বাসুগাঁও নগৰ মহিলা সমিতিৰ সাধাৰণ সম্পাদিকা পদত অধিষ্ঠিত থকাৰ উপৰি বিভিন্ন চৰকাৰী, বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে জড়িত থাকি শোষিত, বঞ্চিত, নিৰ্য্যাতিতা মহিলাসকলৰ কল্যাণৰ হকে সৰব ভূমিকা গ্ৰহণ কৰি কাম কৰি গৈছিল । সমাজকৰ্মী মহিলা অলকা মেধী (৭২) ৰ মৃত্যুৰ খবৰে বাসুগাঁও চহৰত শোকৰ ছাঁ নমাই আনিছে ।

পুৱাৰ ভাগত প্ৰয়াত অলকা মেধীৰ অনাকাংক্ষিত খবৰ লাভ কৰাৰ পিছত তেখেতৰ বাসগৃহত আত্মীয় , গুণমুগ্ধসকলে আহি ভিৰ কৰিবলৈ আৰম্ভ কৰে। সামান্তৰালকৈ বিভিন্ন দল সংগঠনৰ পৰা শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমৱেদনা জ্ঞাপন কৰে ।

পৰিয়ালৰ লোকে জানিবলৈ দিয়ামতে- আজি গুৱাহাটীৰ পৰা নশ্বৰদেহ বাসুগাঁও চহৰৰ দুই নং ৱাৰ্ডস্থিত নিজ বাসগৃহত অনাৰ পিছত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ বাবে ব্যৱস্থা কৰিব। তাৰ পিছতে বাসুগাঁও শ্মশানত শেষকৃত্য সম্পন্ন কৰা হ'ব।

মৃত্যুৰ সময়ত তেঁও ৩জন পুত্ৰ, এগৰাকী কন্যা সন্তানৰ উপৰি নাতি নাতিনীক সংসাৰত এৰি থৈ যায় ।