স্বপ্না বজবেৰুৱাৰ 'হাগ্ৰামা মহিলাৰী' শীৰ্ষক গ্ৰন্থ বড়ো ভাষালৈ অনুবাদ উন্মোচন...
স্বপ্না বজবেৰুৱাৰ 'হাগ্ৰামা মহিলাৰী' শীৰ্ষক গ্ৰন্থ বড়ো ভাষালৈ অনুবাদ উন্মোচন... 
বড়োলেণ্ড

স্বপ্না বজবেৰুৱাৰ 'হাগ্ৰামা মহিলাৰী' শীৰ্ষক গ্ৰন্থ বড়ো ভাষালৈ অনুবাদঃ কলাইগাঁৱত উন্মোচন...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ অসমীয়া প্ৰতিদিনৰ জ্যেষ্ঠ সাংবাদিক, বিশিষ্ট লেখিকা স্বপ্না বেজবৰুৱাৰ সদ্য প্ৰকাশিত 'হাগ্ৰামা মহিলাৰী' শীৰ্ষক গ্ৰন্থখনৰ বড়ো অনুবাদ আজি কলাইগাঁৱত উন্মোচিত হয়। কলাইগাওঁ প্ৰগতিশীল জনমঞ্চৰ মুকলি সভা গৃহত বি টি চিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য তথা বি পি এফ দলৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ উপস্থিতিত এক জনাকীৰ্ণ সভাত ৰজনী বৰজৌৱাৰিৰ দ্বাৰা অনুবাদ কৰা গ্ৰন্থখন উন্মোচন কৰে বি টি চিৰ প্ৰাক্তন উপ-মুখ্য কাৰ্যবাহী সদস্য তথা বি পি এফ দলৰ উপ-সভাপতি খাম্ফা বৰগয়াৰীয়ে।

গ্ৰন্থ উন্মোচনী ভাষণত খাম্ফা বৰগয়াৰীয়ে কয়- বড়োভাষী ল'ৰা, ছোৱালী আৰু ৰাইজে আজিৰে পৰা 'হাগ্ৰামা মহিলাৰী' গ্ৰন্থখন নিজৰ ভাষাত পঢ়াৰ সুবিধা পালে। বি টি চি অঞ্চলত সামাজিক, ৰাজনৈতিক যি সমস্যা আৰু দ্বন্দ্বৰ সন্মুখীন হ'বলগীয়া হৈছিল সেই সমস্যা আৰু দন্দ্বৰ পৰিৱেশৰ মাজেৰে কেনেকৈ পাৰ কৰিবলগীয়া হৈছিল সেইবোৰ গ্ৰন্থখনৰ জৰিয়তে পঢ়ুৱৈ সমাজে জানিব পাৰিব।

ইয়াৰোপৰি তেওঁ ভাষণত গ্ৰন্থখনৰ পৰৱৰ্তী সংস্কৰণত হাগ্ৰামা মহিলাৰীৰ সন্দৰ্ভত আৰু কিছু তথ্য সংযোজিত কৰিবলৈ লেখিকা আৰু প্ৰকাশকক আহ্বান জনাই আৰু গ্ৰন্থখনৰ লেখিকা স্বপ্না বেজবৰুৱাক তেওঁৰ এই প্ৰচেষ্টাৰ বাবে শলাগ জ্ঞাপন কৰে।

গ্ৰন্থখনৰ প্ৰকাশক উজ্জ্বল বৰাই আঁতধৰা সভাখনত লেখিকা স্বপ্না বেজবৰুৱাই গ্ৰন্থখনৰ সৃষ্টিৰ আঁৰৰ কিছু কথাও ব্যক্ত কৰে। তেওঁ কয়- এখন গ্ৰন্থ হ'ল এজন লেখকৰ এটা সন্তান। সেই সন্তানটি আজি মই বড়ো জনগোষ্ঠীৰ লোকসকলৰ মাজত তুলি দিবলৈ ওলাইছো। আৰু সেই সন্তানটো সজাই পৰাই আপোনালোকৰ মাজলৈ লৈ আহিছে ৰজনী বৰজৌৱাৰি ডাঙৰীয়াই। এয়া এক ঐতিহাসিক দিন বুলি মই ভাবিছো।

এই গ্ৰন্থ উন্মোচনীত সহযোগ আগবঢ়াই গ্ৰন্থখনৰ নায়ক হাগ্ৰামা মহিলাৰী আৰু অনুবাদক ৰজনী বৰজৌৱাৰীয়ে। সভাখনত উপস্থিত থাকে প্ৰাক্তন বিধায়ক ইমানুৱেল মুছাহাৰী, কমলী বসুমতাৰী, বি পি এফ দলৰ উপ-সভাপতি ৰবিনচন মুছাহাৰী, প্ৰাক্তন এম চি এল এ প্ৰদীপ দৈমাৰী, লেখিকা দিতিমণি গগৈসহ কেইবাগৰাকীও গণমান্য ব্যক্তিয়ে।