বড়োলেণ্ড

নন্দেশ্বৰ দৈমাৰীলৈ সাহিত্য অকাডেমী বঁটা : বিভিন্ন দল-সংগঠনৰ শুভেচ্ছা

Asomiya Pratidin

ডিজিটেল সংবাদ,ওদালগুৰি : ঘোষণা কৰা হ'ল সাহিত্য অকাডেমী বঁটা। বড়ো ভাষা সাহিত্যত এই বঁটাৰ বাবে নিৰ্বাচিত হৈছে বিশিষ্ট সাহিত্যিক ওদালগুৰি জিলাৰ ঝকৰা গাঁৱৰ বাসিন্দা নন্দেশ্বৰ দৈমাৰী।

বড়ো ভাষাৰ গল্প সংকলন "জীউ-সফৰনি দাখোন"ৰ বাবে এই সন্মান লাভ কৰে দৈমাৰীয়ে। ১৯৫৫ চনৰ ২৫ মে'ত জন্মগ্ৰহণ কৰা পিতৃ স্বৰ্গীয় গাপখ্ৰাও দৈমাৰী আৰু মাতৃ বাহিনী দৈমাৰীৰ পুত্ৰ নন্দেশ্বৰ দৈমাৰীৰ এই সফলতাত তেওঁৰ ওদালগুৰিস্থিত আপোন গাওঁখনত আনন্দ মুখৰ পৰিৱেশৰ সূচনা হয়।

দৈমাৰীয়ে তেওঁৰ শিক্ষকতা জীৱনৰ মাজেৰে সাহিত্য চৰ্চা অব্যাহত ৰাখিছিল। দৈমাৰীয়ে বড়ো ভাষাৰ লগতে অসমীয়া ভাষাতো সাহিত্যও চৰ্চা কৰিছিল। তেওঁৰ প্ৰথমখন গ্ৰন্থ তথা একমাত্ৰ উপন্যাস হল মঞ্জুবালা দেৱী।

তেওঁৰ ৰচিত আন কেইখনমান গ্ৰন্থ হৈছে ক্ৰমে থাংনায়নি দাওহা, বক্সিং, অৱেনেনায় দালাঙ্গা বাইগ্ৰেবনায়চো,হাদানি ফাঞ্জাৰি, আং খুদ্ৰিদৌং, নৰেশ্বৰৰ পৰা ডক্টৰ ভুপেন হাজৰিকালৈ, প্ৰাসংগিক প্ৰসংগ, জীউ-সফৰনি দাখোন ইত্যাদি। ইয়াৰ ভিতৰত দুখন অসমীয়া আৰু বাকী কেইখন বড়ো ভাষাত ৰচিত গ্ৰন্থ।

দৈমাৰীয়ে ইতিপূৰ্বে লাভ কৰা সন্মানসমূহৰ ভিতৰত ১৯৯৫ চনত সোমেশ্বৰী বঁটা, ২০০৭ চনত মঙ্গলচন্দী ব্ৰহ্ম সাহিত্য বঁটা, ২০০৯ চনত ৰাজ্যিক শিক্ষক বঁটা, ২০১৮ চনত ছহিদ ফৌৰদানা দৈমাৰী বঁটা, বড়ো ৰাইটাৰ একাডেমী সুকুমাৰ বসুমতাৰী বঁটা আৰু ২০২০ চনত সাহিত্যিক পেঞ্চন লাভ কৰে।

আনহাতে গল্প সংকলনসমূহ অসমীয়া, হিন্দী, গুজৰাটী, পাঞ্জাৱী, বাংলা, নেপালী, ইংৰাজী, মাৰাঠী, ৰাজস্থানী, কন্নৰ, তেলেগু আদিলৈ ভাষালৈ অনুবাদ হৈছিল। দৈমাৰীৰ বিভিন্ন প্ৰবন্ধ বাতৰি কাকতত প্ৰকাশিত হৈছিল। দৈমাৰীয়ে সাহিত্য চৰ্চাৰ লগতে সমাজ জীৱনৰ বিভিন্ন দিশৰ সৈতে জড়িত আছিল।

সাহিত্যিকগৰাকীয়ে ৬৮ বছৰ বয়সত সাহিত্য অকাডেমী বঁটা লাভ কৰাত অপাৰ আনন্দ লাভ কৰে । এই বঁটা লাভ কৰাৰ কথা বিয়পি পৰাৰ পিছতে বিভিন্ন দল-সংগঠনে সাহিত্যিকগৰাকীক শুভেচ্ছা জনায়।

সাহিত্য অকাডেমী বঁটাৰ বাবে নিৰ্বাচিত হোৱাত এবছুৰ সভাপতি দ্বীপেন বড়োৱে সাহিত্যিকগৰাকীলৈ অভিন্দন জ্ঞাপন কৰি তেওঁৰ দীৰ্ঘায়ু কামনা কৰে। উল্লেখ্য যে সাহিত্যিকগৰাকীৰ এই সফলতাৰ পাছতে সমগ্ৰ ওদালগুৰিৰ লগতে বিটিআৰ অঞ্চলত আনন্দই বিৰাজ কৰে।