বড়োলেণ্ড

গেজেঙাগুৰিত ভয়ংকৰ পথ দুৰ্ঘটনা : থিতাতে নিহত এজন

Asomiya Pratidin

ডিজিটেল সংবাদ,ওৰাং : ঢেকীয়াজুলি আৰক্ষী থানাৰ অন্তৰ্গত গেজেঙাগুৰিৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। তেজপুৰৰ পৰা গুবাহাটীৰ অভিমুখী ফিগ' AS 01 AT 9611 বাহনখনে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ৪গৰাকী পথচাৰীক মহতিয়াই নিয়ে।

ইয়াৰে এগৰাকী পুৰুষ আৰু ৩গৰাকী মহিলা ৷ এঘৰ লোকৰ ঘৰৰ সকামৰ পৰা উভটি অহাৰ পথত তীব্ৰবেগী বাহনখনে খুন্দিওৱাৰ ফলত সংঘটিত হয় শোকাৱহ দুৰ্ঘটনাটো ৷ জানিবপৰা মতে লোকনাথ শৰ্মা (৬৫) নামৰ লোজন থিতাতে নিহত হয় ৷

আনহাতে দুগৰাকী মহিলাৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। ইয়াৰে এগৰাকী ক্ৰমে প্ৰবিত্ৰা দেৱী (৩৩) কুমাৰী দেৱী (৪০) বুলি জানিব পৰা গৈছে। দুয়োগৰাকীকে দলঙৰ তলৰ পৰি থকা অৱস্থাত উদ্ধাৰ কৰি দুয়োগৰাকী মহিলাক প্ৰথমে ওৰাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ প্ৰেৰণ কৰে যদিও সংকটজনক অৱস্থাত দুয়োগৰাকীকে তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে।

ইয়াৰে দুৰ্ঘটনাত আহত বন্দনা দেৱী (২১) সংকটমুক্ত বুলি জানিব পৰা গৈছে। একেটা পৰিয়ালৰ তিনিগৰাকী লোকৰ ভিতৰত লোকনাথ শৰ্মা নামৰ লোকজনৰ অকাল মৃত্যু হোৱাত অঞ্চলটো শোকৰ ছাঁ পৰিছে ৷

উল্লেখযোগ্য যে একেটা পৰিয়ালৰ সদস্য তিনিজনৰ ভিতৰত কুমাৰী দেৱী লোকনাথ শৰ্মাৰ পত্নী আৰু প্ৰবিত্ৰা দেৱী বোৱাৰী বুলি জানিব পৰা গৈছে।