বড়োলেণ্ড

অসমৰ আটাইকেইখন লোকসভাৰ আসন এনডিএ পোৱা নিশ্চিত কৰিব লাগে: ৰাজনাথ সিং

Asomiya Pratidin

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ কোকৰাঝাৰ লোকসভা সমষ্টিত বৃহস্পতিবাৰে বিজেপি -ইউপিপিএল আৰু অগপই নিৰ্বাচনী ৰণডংকা বজায়। কোকৰাঝাৰ সদৰ চহৰৰ নাতিদূৰৈৰ গ্ৰীণ ফিল্ডত আজি বিজেপি -ইউপিপিএল -অগপৰ এক বিশাল কৰ্মী সভা অনুষ্ঠিত হয় য'ত দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং মুখ্য অতিথি হিচাপে উপস্থিত থাকে।

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে নিজ ভাষণ প্ৰসংগত কয় যে এইবাৰ এনডিএই ৪০০+ আসন লাভ কৰি চৰকাৰ গঠন কৰিব। চৰকাৰ গঠন যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেৰ্তৃত্বতে এনডিএৰ চৰকাৰ হ'ব সেয়া ইতিমধ্যে বিশ্বই মানি লৈছে বুলি মন্তব্য কৰি বুথ পৰ্যায়ৰ পৰাই কৰ্মীসকলক শক্তিশালী হোৱাৰ আহ্বান জনায় ।

তেওঁ কয়- অগপ বিজেপি ইউপিপিএল বুলি কোনো দলগত কথা নাই, সকলোৱে এনডিএৰ হৈ ঐক্যবদ্ধভাৱে কাম কৰি অসমৰ ১৪খন লোকসভা আসনৰ ভিতৰত ১৪ খন আসনেই এনডিএ পোৱাটো নিশ্চিত কৰিব লাগে। নিজৰ নাতিদীৰ্ঘ ভাষনত ৰাজনাথ সিঙে কয় অকল চৰকাৰ গঠনৰ বাবে নহয় , দেশ নিৰ্মানৰ বাবেহে আমি ৰাজনীতি কৰো ।

এনডিএ শাসনত থাকিলে দেশৰ মান সদায় উচ্চস্থানত থাকিব। নিজৰ ক্ষুদ্ৰ স্বাৰ্থ পৰিত্যাগ কৰি আচলতে আমি সকলোৱে দেশ নিৰ্মানৰ বাবে কাম কৰা উচিত। ক্ষুদ্ৰ মানসিকতা লৈ বৃহৎ কাম কৰিব নোৱাৰি বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াই ৰাজনাথ সিঙে এনডিএই দিয়া প্ৰতিটো নিৰ্বাচনী প্ৰতিশ্ৰুতি আখৰে আখৰে ৰূপায়ন কৰিছে বুলি দাবী কৰিছে ।

তেওঁ কয়, জন্মু-কাশ্মীৰৰ পৰা ৩৭০ অনুচ্ছেদ উঠাই দিয়া হৈছে , দেশৰ পৰা তিনি তালাক উঠাই দিয়া হ'ল, দুৰ্নীতি- ভ্ৰষ্টাচাৰ আমি সমাপ্ত কৰিলো। ধৰ্মক লৈ বা হিন্দু মুছলমানৰ বিভাজন আমি নানো, আমাৰ বাবে প্ৰতিগৰাকী মহিলাই মা বা ভনী আৰু সেয়েহে তিনি তালাক দেশৰ পৰা উঠাই দিয়া হ'ল ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক উচ্চ প্ৰশংসা কৰি ৰাজনাথ সিঙে কয় ভাৰত আজি বিশ্বৰ ভিতৰতে লেখত ল'বলগীয়া স্থান দখল কৰিছে । বিশ্বই আজি ভাৰতক মানি চলে আৰু ভাৰতে কি কয় সেয়া মন দি শুনে। ভাৰতে বিশ্বৰ কল্যাণৰ হকে কাম কৰি আহিছে, ভাৰতে কভিড ভেকচিন তৈয়াৰ কৰিছে , চন্দ্ৰযান মিছন সম্পন্ন কৰিছে । ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধত ভাৰতৰ ছাত্ৰ-ছাত্ৰীসকলক সুকলমে উদ্ধাৰ কৰি আনিছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেৰ্তৃত্বতে আজি ভাৰত জাকতজিলিকা হৈছে। বৰ্তমান ত্ৰিপল ইঞ্জিনৰ চৰকাৰ চলি আছে আৰু অনাগত সময়ছোৱাত ভাৰতবৰ্ষই বিশ্বৰ ভিতৰত প্ৰথম স্থান দখল কৰিব বুলি মন্তব্য কৰিছে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী উত্তৰ-পূৱৰ প্ৰতি সদায় বিশেষ সুদৃষ্টি দি আহিছে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো উচ্চ প্ৰশংসা কৰে ৰাজনাথ সিঙে । পানী , বিজুলী আদিকে ধৰি সকলো সমস্যা এনডিএ চৰকাৰে সমাধান কৰিছে আৰু এইবাৰ চৰকাৰ অহাৰ পিছত অসমত এটাও কেঁচা ঘৰ নাথাকিব বুলি প্ৰতিশ্ৰুতি দিয়ে তেওঁ ।

ইপিনে কোকৰাঝাৰৰ গ্ৰীণ ফিল্ডত বিজেপি -ইউপিপিএল -অগপৰ বিশাল কৰ্মী সভাত উপস্থিত থকা বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োই বড়োলেণ্ড অঞ্চলত শান্তি ঘূৰাই অনা বা পৰিস্থিতি স্বাভাৱিক ৰখাৰ ক্ষেত্ৰত তেতিয়াৰ গৃহমন্ত্ৰী ৰাজনাথ সিঙৰ অৱদানক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে । ৰাজনাথ সিঙৰ সতে নিয়মিত বৈঠক সম্পন্ন হোৱাৰ কথা সদৰি কৰি প্ৰমোদ বড়োই বিটিআৰত বৰ্তি থকা শান্তি বহু কষ্টৰ বিনিময়ত হে ঘূৰাই অনা হৈছিল আৰু এই শান্তি আৰু উন্নয়নৰ যাত্ৰা বৰ্তাই ৰাখিবলৈ সকলোৰে ত্যাগ , সহায়- সহযোগিতা কামনা কৰিছে।

উল্লেখ্য যে বিজেপি -ইউপিপিএল -অগপৰ বিশাল কৰ্মী সভাত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাচ, অসম চৰকাৰৰ মন্ত্ৰী ৰঞ্জিত দাস , বিধায়ক লৰেন্স ইছলাৰী , কোকৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী , বিটিচিৰ কেবাগৰাকী কাৰ্যবাহী সদস্য , ইউপিপিএল-বিজেপি - অগপৰ নেৰ্তৃবৰ্গ উপস্থিত থকাৰ লগতে কেবা সহস্ৰাধিক কৰ্মী উপস্থিত আছিল ।