বড়োলেণ্ড

উপাচাৰ্য লাইশ্ৰাম লাড্ডু সিঙক অপসাৰণৰ দাবীৰে এবছুৰ সংবাদমেল

Asomiya Pratidin

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ এবছুৰ মুখ্য কাৰ্যালয় বডোফা হাউচত এবছুৰ কেন্দ্ৰীয় সভাপতি দ্বীপেন বড়োৰ সংবাদমেল । বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য লাইশ্ৰাম লাড্ডু সিঙক অপসাৰণৰ দাবীৰে সম্বোধন কৰা হয় এই সংবাদমেল।

উল্লেখযোগ্য যে, উপাচাৰ্য লাইশ্ৰাম লাড্ডু সিঙক অপসাৰণৰ দাবীত অহা ৩০ ছেপ্টেম্বৰত বড়োলেণ্ড বিশ্ববিদ্যালয় প্ৰাংগণত ১০ হাজাৰ প্ৰতিবাদকাৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰাৰ সকিয়নী দিছে এবছুৱে। উপাচাৰ্য লাইশ্ৰাম লাড্ডু সিঙক ৰাজ্যপালৰ উপদেষ্টা মিহিৰ কান্তি চৌধুৰীৰ নেতৃত্বতে সুৰক্ষা দি থকাৰ অভিযোগ এবছুৰ ।

দূৰ্নীতিৰ অভিযোগত দোষী সাব্যস্ত হৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জামিন হৈ থকাৰ পিছতো উপাচাৰ্য হৈ থকাটো নজিৰবিহীন ঘটনা বুলি সংবাদমেলত উল্লেখ কৰে এবছুৱে। ৰাজ্যপালে গঠন কৰি দিয়া উচ্চ পৰ্যায়ৰ তদন্তৰ প্ৰতিবেদন ৰাজহুৱা কৰাৰ দাবী জনালে এবছুৱে।

"উপাচাৰ্যক ক্লীনচীট দিবলৈ হে ৰাজ্যপালে উচ্চ পৰ্যায়ৰ তদন্ত কমিটি গঠন কৰি দিছিল নেকি ?", "উপাচাৰ্যৰ বিৰুদ্ধে বহু আন্দোলন হ'ল তৎসত্বেও উপাচাৰ্যক বৰ্খাস্ত বা নিলম্বিত নকৰাৰ কাৰণ কি ?" বুলি সংবাদমেলত প্ৰশ্ন কৰিলে এবছুৱে।

বিশ্ববিদ্যালয় বচোৱাৰ বাবেহে এবছুৱে সংগ্ৰাম কৰি আছে বুলি উল্লেখ কৰি যেতিয়ালৈকে উপাচাৰ্য লাইশ্ৰাম লাড্ডু সিঙক অপসাৰণ নকৰে তেতিয়া লৈ প্ৰতিবাদ অব্যাহত থাকিব বুলি সকিয়নী দিয়ে এবছুৱে। ।