বাক্সাৰ মানাহ বনভোজস্থলীৰ অনিয়মক লৈ  সৰৱ অবড়ো সুৰক্ষা সমিতি...
বাক্সাৰ মানাহ বনভোজস্থলীৰ অনিয়মক লৈ সৰৱ অবড়ো সুৰক্ষা সমিতি... 
বড়োলেণ্ড

বাক্সাৰ মানাহ বনভোজস্থলীৰ অনিয়মক লৈ সৰৱ অবড়ো সুৰক্ষা সমিতি...

Asomiya Pratidin

ডিজিটেল সংবাদ বাক্সাঃ ডিচেম্বৰ, জানুৱাৰী মাহ মানেই পিকনিকৰ বতৰ। বিভিন্ন বনভোজস্থলীত ভিৰ কৰিছে বনভোজকাৰী দলসমূহে। তাৰ মাজতেই বাক্সাৰ শালবাৰীৰ মানাহ বনভোজস্থলীক লৈ সৃষ্টি হৈছে বিতৰ্ক।

অভিযোগ অনুসৰি বনভোজস্থলী পৰিচালনা সমিতিয়ে বনভোজকাৰীৰ পৰা অবৈধভাৱে পাৰ্কিঙৰ নামত অধিক ধন সংগ্ৰহ কৰিছে।

অবড়ো সুৰক্ষা সমিতিৰ সম্পাদক জোন দাসে এই সন্দৰ্ভত অভিযোগ কৰি কয়, বনভোজস্থলী পৰিচালনা সমিতিয়ে বনভোজকাৰীদলসমূহৰ পৰা অনিয়মৰে ধন সংগ্ৰহত নামি পৰিছে। ফলত বিভিন্ন ধৰণে হাৰাশাস্তিৰ সন্মুখীন হৈছে বনভোজকাৰীদলসমূহ।

এই ক্ষেত্ৰত ইউ পি পি এলৰ নেতা শৰৎ পাঠককো তীব্ৰ সমালোচনা কৰিছে অবড়ো সুৰক্ষা সমিতিৰ সম্পাদকগৰাকীয়ে। লগতে তেওঁ ৪৮ ঘণ্টাৰ ভিতৰত এই বনভোজস্থলীৰ বাবে এক নিৰ্দিষ্ট নিয়ম বান্ধি দি সকলো অনিয়ম বন্ধ কৰিবলৈও দাবী জনাইছে।