দাম বহুত ! আৰক্ষীয়ে জব্দ কৰা বাহনৰ পৰাই চুৰি ব্ৰইলাৰ মূৰ্গী...
দাম বহুত ! আৰক্ষীয়ে জব্দ কৰা বাহনৰ পৰাই চুৰি ব্ৰইলাৰ মূৰ্গী... 
বড়োলেণ্ড

দাম বহুত ! আৰক্ষীয়ে জব্দ কৰা বাহনৰ পৰাই চুৰি ব্ৰইলাৰ মূৰ্গী...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ৰাজ্যত অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে ব্ৰইলাৰ মূৰ্গীৰ মাংসৰ দাম। সমান্তৰালকৈ বৃদ্ধি পাইছে কইলাৰ আৰু আন আন প্ৰজাতিৰ মূৰ্গীৰ মাংসৰো দাম। ৰাজ্যৰ পশুপালন বিভাগে বহিঃৰাজ্যৰ পৰা ব্ৰইলাৰ আমদানি কৰাত নিষেধাজ্ঞা আৰোপ কৰি থোৱাৰ বাবেই ৰাজ্যত বৃদ্ধি পাইছে এইদৰে অস্বাভাৱিক হাৰত মাংসৰ দাম।

উল্লেখ্য যে, বংগ, বিহাৰকে ধৰি কেইবাখনো ৰাজ্যত ব্ৰইলাৰ মূৰ্গীৰ দেহত ধৰা পৰা এভিয়ান ইনফ্লুয়েঞ্জা। এই ৰোগৰ বাবেই অসমলৈ বহিঃৰাজ্যৰ পৰা জীৱিত মূৰ্গী, পোৱালি আদি কঢ়িয়াই অনাব নিষেধাজ্ঞা আৰোপ কৰা হৈছিল।

তাৰ মাজতে অৱশ্যে ৰাজ্যলৈ বহিঃৰাজ্যাৰ পৰা দুই, এখন গাড়ীয়ে অবৈধ ভাৱে প্ৰৱেশ কৰি ব্ৰইলাৰ কঢ়িয়াই আনিছে। এনে অবৈধ ভাৱে ব্ৰইলাৰ কঢ়িয়াই অনা ৪ খনকৈ বাহন জব্দ কৰিবলৈ সক্ষম হৈছে গোসাঁইগাওঁ আৰক্ষীয়ে।

কালি নিশা অসম-বংগ সীমান্তৰ গোসাঁইগাঁৱৰ গুৰুফেলাত নিষিদ্ধ ব্রইলাৰ আৰু কইলাৰৰ ৪খন বাহন জব্দ কৰে আৰক্ষীয়ে। জানিব পৰা মতে নিশা আৰক্ষীয়ে খেদি খেদি ব্রইলাৰসহ জব্দ কৰে এই বাহন ৪ খন।

চাৰিওখন বাহনতে ভৰ্তি হৈ আছিল ব্ৰইলাৰ আৰু কইলাৰ। অৱশ্যে আন ২ খন বাহন পলাই সাৰিবলৈ সক্ষম হয়। এই অবৈধ সৰবৰাহৰ সৈতে জড়িত মুঠ ১১ জনক আৰক্ষীয়ে আটক কৰিছে।

পিছে নিশা আৰক্ষীয়ে ব্ৰইলাৰ ভৰ্তি বাহন কেইখন জব্দ কৰাৰ পিছত পুৱাই সেই স্থানত পৰিলক্ষিত হ'ল এক উত্তপ্ত পৰিস্থিত। স্থানীয় প্ৰায় শতাধিক লোকে আৰক্ষীৰ সন্মুখতে এই ব্ৰইলাৰ ভৰ্তি ট্ৰাকৰ পৰা ব্ৰইলাৰ উলিয়াই নিবলৈ হেতা ওপৰা লগাই।

পৰিস্থিতি এনে পৰ্যায় পাইগৈ যে আৰক্ষীয়ে হাতত লাঠি লৈ ব্ৰইলাৰ চোৰ কৰিবলৈ হেতা ওপৰা লগোৱা শিশু, মহিলা, পুৰুষ, বৃদ্ধকে ধৰে সকলো লোককে খেদিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়। অৱশ্যে আৰক্ষীৰ কোব খাই হ'লেও বহু লোকে আৰক্ষীৰ সন্মুখৰ পৰাই এই বাহন কেইখনৰ পৰা লৈ যায় ব্ৰইলাৰ।

তাৰ পাছতেই অৱশ্যে আৰক্ষীয়ে জেচিবিৰে গাত খান্দি জব্দ কৰা ব্ৰইলাৰ আৰু কইলাৰখিনি জীৱন্তে পুতি পেলোৱাৰ ব্যৱস্থা কৰে।