ড্ৰাগছ ব্যৱসায়ীৰ ৰূপত অসম আৰক্ষীৰ গৃহৰক্ষী বাহিনীৰ জোৱান...
ড্ৰাগছ ব্যৱসায়ীৰ ৰূপত অসম আৰক্ষীৰ গৃহৰক্ষী বাহিনীৰ জোৱান... 
বড়োলেণ্ড

ড্ৰাগছ ব্যৱসায়ীৰ ৰূপত অসম আৰক্ষীৰ গৃহৰক্ষী বাহিনীৰ জোৱান...

Asomiya Pratidin

ডিজিটেল সংবাদ চিৰাংঃ আজি নিশা এক গোপন সূত্ৰৰ পম খেদি চিৰাঙৰ চিদলী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ধনমনি ৰায়ৰ নেতৃত্বত চলা অভিযানত ড্ৰাগছসহ দুজন ড্ৰাগছ ব্যৱসায়ীক কৰায়ত্ব কৰে। আটকাধীন ড্ৰাগছ সৰবৰাহকাৰী দুজন দুজন ক্ৰমে ৰুনীখাতা থানাৰ অন্তৰ্গত দক্ষিণগাঁৱৰ গুনছুলা ওৱাৰী আৰু আশ্ৰাবাৰীৰ হৃষণ খাকলাৰী।

উল্লেখ্য যে, গুনছুলা ওৱাৰী চিৰাং আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত কৰ্মৰত গৃহৰক্ষী বাহিনীৰ জোৱান বুলি জানিব পৰা হৈছে। দুয়ো অটোৰিক্সাৰে ড্ৰাগছ সৰবৰাহ কৰিবলৈ গৈ থকা অৱস্থাত চিদলী থানাৰ অন্তৰ্গত কাশিকোত্ৰাত আৰক্ষীক দেখি পলায়ন কৰাৰৰ সময়তে আৰক্ষীয়ে খেদি খেদি গৈ দুয়োকে আটক কৰে ।

আটকাধীন দুজনৰ পৰা ছটা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ, এটা বেজী আৰু মোবাইলৰ লগতে কিছু নগদ টকা জব্দ কৰে