পুনৰ ঘোচ লৈ আটক চৰকাৰী কৰ্মচাৰী...
পুনৰ ঘোচ লৈ আটক চৰকাৰী কৰ্মচাৰী... 
বড়োলেণ্ড

পুনৰ ঘোচ লৈ আটক চৰকাৰী কৰ্মচাৰী...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ চৰিত্ৰ সলনি নহ'ল একাংশ ঘোচখোৰ চৰকাৰী কৰ্মচাৰীৰ। এজনৰ পিছত এজনকৈ চৰকাৰী কৰ্মচাৰী ঘোচ লোৱাৰ অৱস্থাতে আটক হৈ অহাৰ পিছতো ভয় নাই একাংশৰ। সেয়ে ৰাজ্যৰ পৰা দূৰ হোৱা নাই ঘোচ লোৱাৰ পৰম্পৰা।

বুধবাৰে পুনৰ ভিজিলেন্স আৰু এণ্টি কৰাপচনৰ অভিযানত দলগাওঁ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ এজন কৰ্মচাৰী ঘোচ লোৱাৰ অৱস্থাতে আটক হৈছে। কাৰ্যালয়টোৰ ঠিকাভিত্তিক কৰ্মচাৰী তপন নাথে ভূমি সংক্ৰান্তিয় কামৰ বাবে ঘোচ বিচাৰিছিল।

আজি দলগাওঁ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ কাষৰ হোটেল টাইটানত সেই ঘোচ লোৱাৰ সময়তে ভিজিলেন্স আৰু এণ্টি কৰাপচনৰ এটা দলে আটক কৰে।