'বিজেপিক ভোট দিয়াজন জাতিদ্ৰোহী'- দুৰ্গা দাস বড়ো
'বিজেপিক ভোট দিয়াজন জাতিদ্ৰোহী'- দুৰ্গা দাস বড়ো  
বড়োলেণ্ড

'বিজেপিক ভোট দিয়াজন জাতিদ্ৰোহী'- দুৰ্গা দাস বড়ো

Asomiya Pratidin

ডিজিটেল সংবাদ ওৰাং: নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে ৰাজনৈতিক নেতাৰ বাক যুদ্ধও তুংগত উঠিছে। ক্ৰমাৎ আকৰ্ষণীয় হৈ পৰিছে দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ ৰাজনীতি। আক্ৰমণ-প্ৰত্যাক্ৰমণে গৰম কৰি তুলিছে সমষ্টিটোৰ ৰাজনৈতিক পৰিৱেশ।

দৰং-ওদালগুৰি সমষ্টিৰ বি পি এফ প্ৰাৰ্থী দুৰ্গা দাস বড়োৱে এইবাৰ আক্ৰমণৰ লক্ষ্য কৰি লৈছে বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াক। বড়োৱে দীৰ্ঘদিনে বিজেপিৰ দখলত থকা পূৰ্বৰ মঙলদৈ আৰু বৰ্তমানৰ দৰং-ওদালগুৰি লোকসভা সমষ্টিবাসীক সাংসদ দিলীপ শইকীয়াই প্ৰতাৰণা কৰাৰ অভিযোগ তুলি বিজেপিক ক্ষুৰধাৰ সমালোচনা কৰে।

বুধবাৰে নিশা সমষ্টিটোৰ মাজবাট বিধানসভা সমষ্টিৰ অন্তৰ্গত লামাবাৰীৰ এক ৰাজহুৱা সভাত ভাষণ প্ৰসংগত কেতবোৰ বিস্ফোৰক মন্তব্য আগবঢ়ায় বিপিএফ প্ৰাৰ্থীগৰাকীয়ে। বিগত ২০ বছৰে সাংসদ পুঁজিৰ ১০০ কোটিৰ এক টকাৰো কাম নকৰা দল বুলি বিজেপিক কটাক্ষ কৰে তেওঁ।

বিগত কাৰ্যকালত বছৰি ৫ কোটিকৈ পাচঁ বছৰত ২৫ কোটি সাংসদ পুঁজিৰ পৰা মাজবাট অঞ্চলত একো কাম নকৰা দিলীপ শইকীয়াক পুনৰাই ভোট দিলে মহাপাপ হ'ব বুলিও কয় বড়োৱে। আনকি বিজেপিক ভোট দিয়াজন জাতিদ্ৰোহী হ'ব বুলিও মন্তব্য কৰে বিপিএফ প্ৰাৰ্থীগৰাকীয়ে। 

বিজেপিক ভোট দিয়া আৰু বিজেপি কৰা মানে উন্নতি নিবিচৰা মানুহ বুলি উল্লেখ কৰে তেওঁ। আনহাতে বিটিচিত বি পি এফ শক্তিশালী স্থিতিত থকা বুলি দাবী কৰি দুৰ্গা দাস বড়োৱে কয় বি টি চিত শেনৰ এজাক বিপিএফ। ১০০ বাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ১০ বাৰ প্ৰধানমন্ত্ৰী আহিলেও বি টি চি অঞ্চলৰ মানুহে বিজেপিক ভোট নিদিয়ে বুলি প্ৰত্যাহ্বান জনাইছে তেওঁ।

বিটিচিৰ ১১ লাখ ভোটৰ ৭ লাখ ভোটেই বিপিএফে লাভ কৰিব বুলি দাবী কৰিছে বড়োৱে। সমান্তৰালকৈ AIUDF ৰ সমৰ্থন লাভৰ পিছতে বিটিচিৰ বাহিৰৰ পৰা ৩ লাখ ৫০ হাজাৰ ভোট লাভ কৰি প্ৰায় ১০ লাখ ভোটত জয়ী হ'ব বুলি গভীৰ আত্মবিশ্বাসী দুৰ্গা বড়ো।

সমান্তৰালকৈ যোৱা লোকসভা নিৰ্বাচনত ৬৬ হাজাৰ ভোট লাভ কৰা কংগ্ৰেছ প্ৰাৰ্থী মাধৱ ৰাজবংশীকো সমালোচনা কৰে দুৰ্গা দাস বড়োৱে। কংগ্ৰেছ প্ৰাৰ্থী হিচাপে নহয় মাধৱ ৰাজবংশীক ব্যক্তিজনকেই এইবাৰ ৰাইজে গ্ৰহণ নকৰে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে।

তেওঁ মতে দৰং-ওদালগুৰিত সমষ্টিত ত্ৰিকোণীয়া যুঁজত এইবাৰ বিপিএফেই শেষ হাঁহি মাৰিব। উল্লেখ্য যে, বুধবাৰে আবেলি মাজবাটত এক বিশাল বাইক ৰেলীৰে বিপিএফে শক্তি প্ৰদৰ্শনো কৰে।