শীঘ্ৰেই বিটিচিৰ বাহিৰত তিনি সমষ্টিত প্ৰাৰ্থী ঘোষণা কৰিব বি পি এফে...
শীঘ্ৰেই বিটিচিৰ বাহিৰত তিনি সমষ্টিত প্ৰাৰ্থী ঘোষণা কৰিব বি পি এফে... 
বড়োলেণ্ড

শীঘ্ৰেই বিটিচিৰ বাহিৰত তিনি সমষ্টিত প্ৰাৰ্থী ঘোষণা কৰিব বি পি এফে...

Asomiya Pratidin

ডিজিটেল সংবাদ ওদালগুৰিঃ "পুনৰ তিনিটা লোকসভা সমষ্টিৰ বাবে প্ৰাৰ্থী প্ৰক্ষেপ কৰিব বিপিএফে।" এই ঘোষণা বিপিএফ দলৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ। আজি মহিলাৰীয়ে ওদালগুৰিৰ এক দলীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰি কয় যে -প্ৰতিটো দলে নিৰ্বাচনত জয়ী হোৱাৰ দাবী কৰিব। কিন্তু বি টি চিৰ দুটাকৈ সমষ্টি ক্ৰমে কোকৰাঝাৰ আৰু দৰং-ওদালগুৰি লোকসভা সমষ্টিত বিপিএফৰ প্ৰাৰ্থী জয়ী হ'ব। কোকৰাঝাৰত তিনি লাখ ভোটৰ ব্যৱধানত বিপিএফ দলৰ প্ৰাৰ্থী খাম্ফা বৰগয়াৰী জয়ী হোৱাৰ বিপৰীতে দৰং-ওদালগুৰি লোকসভা সমষ্টিত দূৰ্গাদাস বড়োৱে দুই লাখ ভোটৰ ব্যৱধানত জয়ী হ'ব।

তেওঁ কয়, ইউপিপিএলৰ প্ৰতি ৰাইজৰ আশা ভঙ্গ হৈছে। গতিকে ৰাইজ এইবাৰ বি পি এফৰ প্ৰতি আকৰ্ষিত হৈছে। আগন্তুক লোকসভা নিৰ্বাচনত বিপিএফ দলে বিটিচিৰ দুটা লোকসভাৰ উপৰিও গুৱাহাটী, শোণিতপুৰ আৰু বৰপেটা লোকসভা সমষ্টিৰ বাবে প্ৰাৰ্থী প্ৰদান কৰিম। আগন্তুক দুই তিনি দিনৰ ভিতৰত আমি প্ৰাৰ্থীৰ নাম ঘোষণা কৰিম। দৰং-ওদালগুৰি লোকসভা সমষ্টিত আমাক এ আই ইউ ডি এফে সমৰ্থন কৰিম বুলি কৈছে যদিও সমগ্ৰ অসমত দলটোৱে আমাক সমৰ্থন কৰাৰ কথা অহা নাই।

ইফালে দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ বিপিএফৰ প্ৰাৰ্থী দূৰ্গাদাস বড়োৱে সংবাদ মাধ্যমৰ আগত কয় যে - মই এসময়ত অগপত থকা হেতুকে বহু পুৰণি লগ বন্ধুৱে মোক ফোন কৰি কৈছে যে, নেতৃত্বই সমৰ্থন জনোৱা বাবেহে সেইসকল কৰ্মীয়ে নেতৃত্বৰ কথামতে বিজেপিক ভোট দিছিল। কিন্তু তেওঁলোকেও এইবাৰ দৰং-ওদালগুৰি লোকসভা সমষ্টিটোত পৰিৱৰ্তন বিচাৰিছে।

মনকৰিবলগীয়া বিষয় এয়ে যে নিৰ্বাচন যিমানে চমু চাপি আহিছে সিমানে এটা ৰাজনৈতিক দলে আনটোৰ ওপৰত বোকা ছটিওৱা পৰম্পৰা অক্ষুন্ন ৰাখিছে।