বড়োলেণ্ড

কোকৰাঝাৰৰ গোসাঁইনিচিনাত বিপিএফৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি

Asomiya Pratidin

ডিজিটেল সংবাদ,কোকৰাঝাৰ : লোকসভা নিৰ্বাচন উপলক্ষে বিপিএফ দলে মঙললবাৰে কোকৰাঝাৰ জিলাৰ গোসাঁইনিচিনা ৰাজহুৱা প্ৰেক্ষাগৃহত নিৰ্বাাচনী ইস্তাহাৰ মুকলি কৰে। বিটিচিৰ প্ৰাক্তন উপমুখ্য কাৰ্যবাহী তথা ১ নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী খাম্পা বৰগয়াৰীয়ে আনুষ্ঠানিকভাৱে নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰে ।

নিৰ্বাচনী ইস্তাহাৰ মুকলি অনুষ্ঠানত বিধায়ক ৰবিৰাম নাৰ্জাৰী , বিটিচিৰ পাৰিষদ দেৰহাছাৎ বসুমতাৰী আদিকে ধৰি বিপিএফৰ বহু বিশিষ্ট নেতা উপস্থিত থাকে। নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰাৰ পিছত বিটিচিৰ প্ৰাক্তন উপমুখ্য কাৰ্যবাহী তথা ১ নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী খাম্পা বৰগয়াৰীয়ে কয় যে, কোচ ৰাজবংশী আৰু আদিবাসী জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীক সমৰ্থন আৰু ইয়াৰ বাবে মাত মাতি যাব বুলি ইস্তাহাৰত প্ৰকাশ কৰা হৈছে।

তদুপৰি বিভিন্ন জাতি জনগোষ্ঠীৰ জাতীয় সমস্যাসমূহ সমাধানৰ প্ৰতিশ্ৰুতি, মহিলাৰ বাবে ৩৩ শতাংশ সংৰক্ষনক সমৰ্থন, আশাকৰ্মী ,অংগনাবাদী আৰু ৰন্ধন কৰ্মী -সহায়িকাৰ দৰমহা বৃদ্ধিৰ প্ৰতিশ্ৰুতি, ভাৰত -ভূটান সীমান্তবৰ্তী এলেকা উল্টাপানী , সৰলপাৰাত বিদ্যুত যোগানৰ প্ৰতিশ্ৰুতি, অৰ্থনৈতিক বিকাশৰ প্ৰতিশ্ৰুতিৰ লগতে আন ভালেমান প্ৰতিশ্ৰুতি নিৰ্বাচনী ইস্তাহাৰত সন্নিবিষ্ট কৰিছে বিপিএফ দলে।