বিপিএফে উদযাপন কৰিলে বিটিচি চুক্তি দিৱসঃ মাৰ্চত ঘোষণা কৰিব দুই সমষ্টিৰ প্ৰাৰ্থী
বিপিএফে উদযাপন কৰিলে বিটিচি চুক্তি দিৱসঃ মাৰ্চত ঘোষণা কৰিব দুই সমষ্টিৰ প্ৰাৰ্থী 
বড়োলেণ্ড

বিপিএফে উদযাপন কৰিলে বিটিচি চুক্তি দিৱসঃ মাৰ্চত ঘোষণা কৰিব দুই সমষ্টিৰ প্ৰাৰ্থী

Asomiya Pratidin

ডিজিটেল সংবাদ কোকৰাঝাৰঃ ২০০৩ চনৰ আজিৰ দিনটোতে অৰ্থাৎ ১০ ফেব্ৰুৱাৰীত সম্পন্ন হৈছিল ঐতিহাসিক বি টি চি চুক্তি। বি পি এফ দলে প্ৰতিবছৰে ১০ ফেব্ৰুৱাৰী দিনটো বড়োলেণ্ড চুক্তি দিৱস বা বি টি চি চুক্তি দিৱস হিচাপে উদযাপন কৰি আহিছে।

এইবেলিও বি পি এফ দলৰ উদ্যোগত কোকৰাঝাৰত ২২ সংখ্যক বড়োলেণ্ড চুক্তি দিৱস উদযাপন কৰা হয়। সেই অনুসৰি আজি পুৱা বি টি চি সচিবালয় প্ৰাংগনত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পন আৰু পুষ্পাঞ্জলী তৰ্পন কৰে বি পি এফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে।

বি টি চি সচিবালয় প্ৰাংগনত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন আৰু ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ পিছতে পুৱা ৯:৪৫ বজাত হাগ্ৰামা মহিলাৰী সদলবলে দেবৰগাঁওস্থিত বড়োলেণ্ড ছহিদ সমাধিক্ষেত্ৰত উপস্থিত হয় আৰু ছহিদৰ সমাধিস্থলীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। দেবৰগাঁওস্থিত বড়োলেণ্ড ছহিদ সমাধিক্ষেত্ৰতে দলীয় কৰ্মকৰ্তাক লৈ হাগ্ৰামা মহিলাৰীয়ে এক ছহিদ স্মৰণ সভাও অনুষ্ঠিত কৰে য'ত মহিলাৰীয়ে ছহিদৰ আত্মবলিদানক গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰে।

ইপিনে সংবাদমাধ্যমৰ আগত বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে কয় যে, আজিৰ দিনটো ঐতিহাসিক দিন। বৰ্তমানৰ বি টি চি চৰকাৰে বড়োলেণ্ড চুক্তি দিৱসৰ ঐতিহাসিক দিনটোক গুৰুত্ব দিয়া নাই। বি টি চি চুক্তি যিহেতু সাংবিধানিকভাৱে স্বীকৃত সেয়ে সকলোৱে এই চুক্তিক সন্মান দিয়াৰ দায়িত্ব আছে। এই চুক্তিৰ দ্বাৰাই অনগ্ৰসৰ অঞ্চলটোত উন্নয়নৰ পোহৰ পৰিছিল।

বি টি চি চুক্তিৰ দ্বাৰা যিখিনি ক্ষমতা পাইছে সেই ক্ষমতাৰ দ্বাৰাই প্ৰমোদ বড়োৱে চৰকাৰ চলাই আছে অথচ বি টি চি চুক্তি তেওঁলোকে পালন কৰা নাই। এয়া নিত্যান্তই দূৰ্ভাগ্যজনক। যোৱা ১৫ বছৰে আমি যি কাম কৰিলো সেইখিনিয়ে আছে। প্ৰমোদ বড়োৱে একো কৰিব পৰা নাই । কাম নকৰি সমালোচনা কৰি থকাই তেওঁৰ কাম, তেওঁ এটা জিৰো ।

আনহাতে লোকসভা নিৰ্বাচন প্ৰসংগত সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত হাগ্ৰামা মহিলাৰীয়ে কয় যে, বি পি এফ দলে দৰং-ওদালগুৰি আৰু কোকৰাঝাৰ লোকসভা সমষ্টিত জয়লাভ কৰিব। কোকৰাঝাৰত বি পি এফ আৰু ইউ পি পি এলৰ মাজত দুইকোণীয়া প্ৰতিদ্বন্দিতা হোৱাৰ বিপৰীতে দৰং-ওদালগুৰিত বি পি এফ-কংগ্ৰেছ আৰু বিজেপিৰ মাজত তিনিকোণীয়া প্ৰতিদ্বন্দিতা হ'ব ।

দুয়োখন আসনতে বি পি এফৰ প্ৰাৰ্থী জয়লাভ কৰিব । প্ৰমোদ বড়োৱে মিছা কথাৰে ৰাইজক আভুৱা ভাৰিছে। প্ৰতিশ্ৰুতি পালনত ব্যৰ্থ হৈছে যাৰ বাবেই বি পি এফ দল জিকিব বুলি মন্তব্য কৰিছে হাগ্ৰামা মহিলাৰীয়ে।

বিপিএফ দলৰ পৰা তিনিগৰাকীকৈ প্ৰাৰ্থীয়ে দুয়োটা সমষ্টিতে অৰ্থাৎ কোকৰাঝাৰ আৰু দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ পৰা প্ৰাৰ্থীত্ব বিচাৰিছে আৰু অহা মাৰ্চ মাহত বি পি এফ দলে দুয়োটা সমষ্টিৰ বাবে প্ৰাৰ্থী ঘোষণা কৰিব বুলি মন্তব্য কৰিছে হাগ্ৰামা মহিলাৰীয়ে।

উল্লেখ্য যে আজিৰ কাৰ্যসূচীত বি পি এফৰ সাধাৰণ সম্পাদক মনেশ্বৰ ব্ৰহ্ম, বি টি চিৰ প্ৰাক্তন উপমুখ্য কাৰ্যবাহী খাম্পা বৰগয়াৰী, বি টি চি বিধান পৰিষদৰ বিৰোধী দলপতি দেৰহাছাৎ বসুমতাৰী আদিকে ধৰি বি পি এফৰ সৰহসংখ্যক জ্যেষ্ঠ নেতা, জিলা পৰ্যায়ৰ নেতা, ছহিদৰ পৰিয়ালবৰ্গ আৰু বহুসংখ্যক সাধাৰণ ৰাইজ উপস্থিত আছিল।