অসমীয়া শিপিনীয়ে তাঁতশালত বোৱা গামোচাৰে ভৰিল মুছলপুৰৰ ব'হাগী মেলা...
অসমীয়া শিপিনীয়ে তাঁতশালত বোৱা গামোচাৰে ভৰিল মুছলপুৰৰ ব'হাগী মেলা... 
বড়োলেণ্ড

অসমীয়া শিপিনীয়ে তাঁতশালত বোৱা গামোচাৰে ভৰিল মুছলপুৰৰ ব'হাগী মেলা...

Asomiya Pratidin

ডিজিটেল সংবাদ মুছলপুৰঃ বাক্সা জিলাৰ সদৰ মুছলপুৰ চহৰত মূল পথৰ কাষতে আজিৰেপৰা ১৩ এপ্ৰিললৈ তিনি দিনীয়াকৈ আয়োজন কৰা হৈছে অসমী ব'হাগী মেলা । প্ৰতি বছৰৰ দৰে এই বছৰো বাক্সা জিলা অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগত আয়োজন কৰা ব'হাগী মেলাত শিপিনী সকলে হাতে বোৱা গামোচা বিক্ৰী কৰিবলৈ আহিল এই মেলাত ।

বহিঃৰাজৰ গামোচা বিক্ৰী বন্ধ কৰাৰ মুখ্যমন্ত্ৰীৰ পদক্ষেপক আদৰণি জনালে শিপিনীসকলে । উক্ত মেলা আনুষ্ঠানিকভাৱে উদ্বোধন কৰি বাক্সা জিলা উপায়ুক্ত মাচণ্ডা মেকডালিন পাৰ্টিনে কয় যে, এই মেলাৰ জৰিয়তে গ্ৰামাঞ্চলৰ আত্মসহায়ক গোটসমূহে নিজৰ আৰ্থিক উন্নয়ন সাধনৰ লগতে দেশৰ অৰ্থনৈতিক ক্ষেত্ৰতো বৰঙণি আগবঢ়াবলৈ সক্ষম হ'ব ।

আনহাতে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ বাক্সা জিলা প্ৰকল্প প্ৰবন্ধক চন্দন তালুকদাৰে জনোৱা অনুসৰি ৩০ খন বিপনীৰে আৰম্ভ হোৱা অসমী ব'হাগী মেলাত বাক্সা জিলাৰ বিভিন্ন গ্ৰামাঞ্চলৰ পৰা অহা আত্মসহায়ক গোটসমূহে নিজ হাতেৰে বনোৱা সাজ-পোছাকৰ লগতে ভিন্ন খাদ্য সামগ্ৰী বিক্ৰীৰ জৰিয়তে আৰ্থিক ভাৱে ‌স্বনিৰ্ভৰশীল হ'ব বুলি আশা কৰা হৈছে ।