বড়োলেণ্ড

বডোফা জীৱিকা মিছনৰ অধীনত অগৰু মিছনৰ শুভাৰম্ভ

Asomiya Pratidin

ডিজিটেল সংবাদ,তামুলপুৰ : বিটিআৰৰ জনসাধাৰণৰ আৰ্থসামাজিক দিশ উন্নত কৰিবলৈ বডোফা জিৱীকা মিছন নামেৰে কেবাখনো অভিলাষী আঁচনি গ্ৰহন কৰিছে। এই আঁচনিসমূহৰ অন্যতম বডোফা জীৱিকা অভিযানৰ অধীনত বিটিআৰত ১লাখ ৮০হেজাৰ অগৰু গছৰপুলি ৰোপণ কৰাৰ দিহা কৰিছে ৷

বিটিআৰৰ বডোফা জীৱিকা অভিযানৰ অধীনত মঙলবাৰে বিটিআৰৰ প্ৰধান প্ৰমোদ বড়োৱে তামুলপুৰ জিলাৰ গয়বাৰী ব্লকৰ দলংপাৰত আনুষ্ঠানিকভাৱে অগৰু মিছনৰ শুভাৰম্ভ কৰে ৷ গয়বাৰী ব্লকৰ দ্বাৰা গঠন কৰা অগৰু ক্লাৱৰ জৰিয়তে ৯ খন ভিচিডিচিৰ ৪৫০ গৰাকী লোকৰ মাজত বিতৰণ অগৰু গছপুলি কৰা হ’ব ৷

তাৰেই আজি বিটিআৰ প্ৰধানৰ হাতেৰে ৩শ লোকৰ মাজত অগৰুৰ পুলি বিতৰণ কৰে ৷ তদুপলক্ষে আজি দলংপাৰত অগৰু ক্লাৱৰ অধ্যক্ষ পবিত্ৰ নাৰ্জাৰীৰ সঞ্চালনা কৰা সভাত বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে কয়- তামুলপুৰৰ মাটি অগৰু গছৰ বাবে উপযুক্ত ৷ সেয়ে ইয়াতে আমি আঁচনিখনৰ শুভাৰম্ভ কৰো।

ইতিমধ্যে অগৰু ক্লাৱৰ জৰিয়তে অগৰু গছপুলি ৰোপন কৰা ক্লাৱসমূহক কিছু আৰ্থিক সাহায্য দিয়া হ’ব বুলিও তেওঁ কয় ৷ আনহাতে বডোফা জীৱিকা মিছনৰ অধীনত আৰ্থিকভাৱে লাভান্বিত হোৱা চজিনা গছৰ পুলি ৰোপনৰ দিহা কৰিব বুলি কয় ৷

তেওঁ পুনৰ কয়- আগন্তুক দিনত অগৰু মিছনৰ দৰে চজিনা মিছন আৰম্ভ কৰি বিশেষকৈ কৃষক পৰিয়ালসমূহৰ অৰ্থনীতি সুদৃঢ় কৰাৰ লক্ষ্য বান্ধি লৈছে বিটিআৰ চৰকাৰে ৷ ইতিমধ্যে এই লোকসকলক কৃষিবিভাগৰ জৰিয়তে উপযুক্ত প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিব ৷

সভাত প্ৰমোদ বড়োৰ লগতে বিধায়ক জলেন দৈমাৰী, এম চি এল এ হেমন্ত কুমাৰ ৰাভা, কৃষি উন্নয়ন বিষয়া,তামুলপুৰ জিলা জনজাতি কল্যাণ বিভাগৰ অধ্যক্ষ বানেশ্বৰ বসুমতাৰীসহ দলীয় কৰ্মী আৰু হিতাধিকাৰীসকল উপস্থিত থাকে।