বড়োলেণ্ড

সাংবাদিক উৎপল ডেকাক অনুসন্ধানমূলক সাংবাদিকতা বঁটা প্ৰদান

Asomiya Pratidin

ডিজিটেল সংবাদ,তামুলপুৰ : তামুলপুৰ জিলাৰ অন্তৰ্গত সৌৰাগুৰি গাঁও নিবাসী সাংবাদিক উৎপল ডেকাক অনুসন্ধানমূলক সাংবাদিকতা বঁটা প্ৰদান কৰা হয়। তেওঁ প্ৰয়াত পদ্মৰাম ডেকা আৰু মাতৃ চানকুঁৱৰী ডেকাৰ একমত্ৰ সন্তান।

সাংবাদিক হিচাপে ডেকাই পোন প্ৰথমবাৰৰ বাবে ১৯৮৮/৮৯ চনত “ইস্তাহাৰ” সাপ্তাহিক কাকতত কাম কৰিছিল। পৰৱৰ্তী সময়ত "অসম", মতিউৰ ৰহমান সম্পাদিত সাপ্তাহিক কাকত "নতুন দিন","সপ্তাহ দর্পন" আদিত কাম কৰে। এনেদৰে কেবাখনো কাকত- আলোচনীত লিখি থকাৰ সমন্তৰালভাৱে ২০০২ চনৰ ছেপ্টম্বৰ মাহৰ পৰা গুৱাহাটীৰ পৰা প্রকাশিত দৈনিক বাতৰি কাকত দৈনিক অসম কাকতত তামুলপুৰৰ পৰা বা বাতৰি দিয়া আৰম্ভ কৰে ।

বঁটা গ্ৰহণ কৰি তেওঁ কয়- '২০০৪ চনৰ ফেব্ৰুৱাৰী মাহত তেওঁ এজন স্থানীয় সংবাদদাতা হিচাপে নিযুক্তি দিয়া হৈছিল ৷ সমান্তৰালভাৱে ২০০৪ চনৰ পৰা হোমেন বৰগোহাঞি সম্পাদিত "আমাৰ অসম", ২০১০ চনৰ পৰা ইলেট্রনিক মাধ্যমৰ সাংবাদিকতা আৰম্ভ কৰি সংবাদক্ষেত্ৰখনত কাম কৰি আহিছো।'

ইয়াৰোপৰি গুৱাহাটী প্ৰেছক্লাৱ, গুৱাহাটী বিশ্ববিদ্যালয়ত বিশ্ববিদ্যালয়ৰ সাংবাদিকতা বিভাগৰ উদ্যোগত কামৰূপ জিলা সাংবাদিক সন্থাৰ সংবাদিক কৰ্মশালা ইউনিচেফৰ বিভিন্ন কৰ্মশালা আদিত তেওঁ অংশগ্রহণ কৰি সাংবাদিকতাক্ষেত্ৰখনৰ কিছু কথা শিকি থকাৰ কথাও ব্যক্ত কৰে ৷ উল্লেখ্য যে অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগে ২০২১ চনত ৬ ফেব্ৰুৱাৰীত সৰ্বানন্দ সোনােৱালৰ হাতৰ পৰা গ্ৰহণ কৰিছিল এককালীন ফেলশ্বিপ।

সম্প্ৰতি তেওঁ বড়োলেণ্ড সাংবাদিক সন্থাৰ প্ৰাক্তন সম্পাদকৰ দায়িত্ব বহন কৰাৰ লগতে নৱগঠিত তামুলপুৰ জিলাৰ সাধাৰন সম্পাদক আৰু তামুলপুৰ প্ৰেছ ক্লাৱৰ সভাপতিৰ পদত অলংকৃত কৰি আছে ৷