মাজবাট আৰক্ষীৰ অভিযানঃ ১৭৬ কেজি ভাং জব্দ...
মাজবাট আৰক্ষীৰ অভিযানঃ ১৭৬ কেজি ভাং জব্দ... 
বড়োলেণ্ড

মাজবাট আৰক্ষীৰ অভিযানঃ ১৭৬ কেজি ভাং জব্দ...

Asomiya Pratidin

ডিজিটেল সংবাদ ওৰাং: ওদালগুৰি জিলাৰ মাজবাট আৰক্ষীৰ পৃথক পৃথক অভিযানত পুনৰ ১৭৬ কেজি ভাং জব্দ কৰিবলৈ সমৰ্থ হয়। জানিব পৰামতে মাজবাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জয় কুমাৰ ডুবে, উপ-আৰক্ষী পৰিদৰ্শক কুশল চন্দ্ৰ নাথ আৰু লালপানী আৰক্ষী চকীৰ এক বৃহৎ আৰক্ষীৰ দলে নিশা ৰৌতা নদীৰ কাষৰ ডিমাচাং অঞ্চলৰ ঘন জংগলৰ পৰা ৫ বস্তা আৰু লৌকিবাৰী অঞ্চলৰ পৰা ২ বস্তা ভাং জব্দ কৰিবলৈ সমৰ্থ হয়।

দুটা পৃথক অভিযান চলাই মুঠ ১৭৬ কেজি ভাং জব্দ কৰিবলৈ সক্ষম হয় মাজবাট আৰক্ষীয়ে। আনহাতে মাজবাট আৰক্ষীয়ে দিনে নিশাই অসম অৰুণাচল সীমান্ত অঞ্চলৰ ঘন অৰণ্যত ভাং বিচাৰি সমগ্ৰ অঞ্চল চলাথ কৰাৰ লগতে ভাং সৰবৰাহকাৰীক কৰায়ত্ত কৰিবলৈ দিনে নিশাই অভিযান চলাই গৈছে। আৰক্ষী সূত্ৰে জানিব পৰামতে জব্দ কৰা ১৭৬ কেজি ভাং খিনিৰ আন্তর্জাতিক বজাৰ মূল্য প্ৰায় ১৮ লাখ টকা হ'ব।