চিৰাঙত ১৪ বছৰীয়া কিশোৰীক দলবদ্ধ ধৰ্ষণঃ সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ'...
চিৰাঙত ১৪ বছৰীয়া কিশোৰীক দলবদ্ধ ধৰ্ষণঃ সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ'... 
বড়োলেণ্ড

চিৰাঙত ১৪ বছৰীয়া কিশোৰীক দলবদ্ধ ধৰ্ষণঃ সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ'...

Asomiya Pratidin

ডিজিটেল সংবাদ চিৰাং: চিৰাং জিলাৰ ভাৰত ভূটান সীমান্তৰ ৰুনীখাতা থানা এলেকাত এগৰাকী ১৪ বছৰীয়া কিশোৰীক শ্লীলতাহানি কৰাৰ এক চাঞ্চল্যৰ ঘটনাৰ তথ্য পোহৰলৈ আহিছে। এজনী ১৪ বছৰীয়া জনজাতি কিশোৰীক তিনিজনীয়া যুৱকে দলবদ্ধ ভাৱে যৌন নিৰ্যাতন চলোৱাৰ ভিডিঅ' তৈয়াৰ কৰি সামাজিক মাধ্যমৰ জৰিয়তে প্ৰচাৰ কৰাত ভাইৰেল হৈ পৰিছে।

এই জঘন্য ঘটনাৰ ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছত কালি অৰ্থ্যাৎ ১৬ ফেব্ৰুৱাৰী তাৰিখে নিৰ্যাতিতা কিশোৰীৰ পৰিয়ালে ৰুনীখাতা আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ পিছত সমগ্ৰ ঘটনা পোহৰলৈ আহে । স্থানীয় লোকে সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়া মতে কিশোৰীগৰাকীৰ সৈতে হোৱা জঘন্য ঘটনাৰ ভিডিঅ' কেইদিনমান আগত সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছত এক গাৱঁত এখন ৰাইজৰ মেল অনুষ্ঠিত কৰা হয় ।

সভাত ভুক্তভোগী কিশোৰীগৰাকীয়ে সদৰি কৰা মতে চলিত বৰ্ষৰ ১ জানুৱাৰীৰ সন্ধিয়াৰ ভাগত নতুন বছৰৰ পাৰ্টীৰ কথা কৈ দান্ঠাল নাৰ্জাৰী নামৰ পাষাণ্ড নেতৃত্বত সৌমদৌন বসুমতাৰী আৰু আমটি নাৰ্জাৰীয়ে তাইক মটৰচাইকেলত উঠাই লৈ যায়। ঘৰৰ পৰা কিছু আঁতৰত জঙ্ঘলত কিশোৰীগৰাকীক অমানৱীয় অত্যাচাৰ চলাই শৰীৰ নিম্নাংশৰ অন্তৰ্বাস খুলি ভিডিঅ' কৰে। আৰু তিনিও যুৱকে কিশোৰীগৰাকীৰ সৈতে যৌনাচাৰত লিপ্ত হোৱাৰ বাবে ব্লেকমেইল কৰে।

তাতেই শন্তুষ্ট নহৈ তেওঁলোকে কিশোৰীগৰাকীক মৃত্যুৰো ভাবুকি দিয়ে। তাৰ পিছত তিনি পাষণ্ড মিলি এই ১৪ বছৰীয়া কিশোৰী গৰাকীক ধৰ্ষণ কৰে । ধৰ্ষণ কৰাৰ পিছত ঘটনা সন্দৰ্ভত কাকো একো নকবলৈ ভাবুকি প্ৰদান কৰে। অন্যথা সেই ভিডিঅ' সামাজিক মাধ্যমৰ জৰিয়তে ভাইৰেল কৰি দিয়াৰ লগতে কিশোৰীগৰাকীক হত্যা কৰিব বুলিও ভাবুকি প্ৰদান কৰে।

ফলত কিশোৰীগৰাকীয়ে সমগ্ৰ ঘটনা পৰিয়ালৰ পৰা লুকুৱাই ৰাখিছিল । কিন্তু দুৰ্ভাগ্যজনক ভাৱে কেইদিনমান আগতে কিশোৰী গৰাকীৰ যৌন নিৰ্যাতন চলোৱাৰ ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হোৱাত পৰিয়াল লোকে স্থানীয় গাওঁবুঢ়াৰ পৰামৰ্শ মতে কালি অৰ্থ্যাৎ ১৬ ফেব্ৰুৱাৰী ৰুণীখাতা আঞ্চলিক এবছু কাৰ্যালয়ত গৈ এবছুৰ নেতৃত্বৰ সহযোগত ৰুনীখাতা আৰক্ষী থানাৰ কাষ চাপে আৰু উক্ত তিনি অভিযুক্তৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে ।

ঘটনাৰ ৪৮ দিন পিছত এজাহাৰ লাভ কৰাৰ পিছতেই অভিযুক্তসকলক বিচাৰি ৰুণীখাতা থানাৰ আৰক্ষীয়ে অভিযান চলাই যদিও আৰক্ষী গৈ পোৱাৰ আগতেই অভিযুক্ত কেইজনে পলায়ন কৰে । আজি ৰুণীখাতা থানাৰ আৰক্ষীয়ে কাজলগাঁৱৰ জে এচ বি অসামৰিক চিকিৎসালয়ত ভুক্তভোগী কিশোৰীগৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰি কাজলগাঁও ন্যায়িক দণ্ডাধীশৰ আদালতত জবানবন্দী দিয়ে ।

ইপিনে ৰুণীখাতাৰ থানা এলেকাৰ জঙ্ঘলত নাবালিকা ধৰ্ষণৰ ঘটনাৰ তদন্তৰ দাবী জনাই নিখিল বড়ো ছাত্ৰ সন্থা ধৰ্ষণৰ ঘটনাৰ সৈতে জড়িত অভিযুক্তসকলক গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি প্ৰদান কৰাৰ দাবী উত্থাপন কৰে । ইউ পি পি এল দলৰ মহিলা কোষৰ পৰাও উক্ত ধৰ্ষণ ঘটনাৰ গৰিহণা দিয়ে আৰু এই গৰ্হিত ঘটনা সংঘটিত কৰা পাষণ্ড কেইটাক অতিশীঘ্ৰেই গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰাৰ দাবী উত্থাপন কৰে । ইপিনে ৰুণীখাতা থানাৰ আৰক্ষীয়ে অভিযুক্তসকলক গ্ৰেপ্তাৰ কৰিবলৈ তীব্ৰ অভিযান চলাই আছে ।