/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/c51ee174-78af-4060-9eb9-4c876a32e375/19.jpg)
ডিজিটেল সংবাদ, তামুলপুৰঃ তামুলপুৰৰ নাগ্ৰিজুলীত বৰ-মৌ ৰ আক্ৰমণত এজন লোক নিহত হয়। নিহত লোকজন নাগ্ৰিজুলীৰ ভাওৰাগুৰি গাঁওৰ ছবিৰাম বড়ো(৪৮) বুলি জানিব পৰা গৈছে। নাগ্ৰিজুলী হাইস্কুলৰ কাৰ্যালয় সহায়ক হিচাবে কৰ্মৰত আছিল ছবিৰাম বড়ো।
দেওবাৰে বৰনদীৰ কাষৰ চাহ বাগিচাত ভতিজাৰ সৈতে কচু আনিবলৈ যাওঁতে হঠাৎ বৰ মৌৰ জাক এটাই আক্ৰমণৰ লক্ষ্য কৰি লয় দুয়োকে। ইয়াৰে কুমাৰ বড়োই(৩৪) অতি কৌশলেৰে পানীত জপিয়াই মেটেকাৰ তলত সোমাই প্ৰাণ ৰক্ষা কৰে যদিও ছবিৰাম বড়ো নামৰ লোকজনক বৰ মৌয়ে কামুৰি অচেতন কৰি পেলায়।
পৰৱৰ্তী সময়ত লোকজনক নাগ্ৰিজুলী আদৰ্শ চিকিৎসালয়ত ভর্তি কৰে যদিও উন্নত চিকিৎসাৰ বাবে ৰঙিয়া স্বস্তি মেডিকেলত নিয়াৰ পিছতে চিকিৎসকে মৃত বুলি ঘোষণা কৰে। বৰ্তমান লোকজনক নিজ গৃহ আৰু কৰ্মৰত শিক্ষানুষ্ঠানত লৈ অনাৰ পিছতে কান্দোনত ভাঙি পৰিছে পৰিয়াল, তথা সহকৰ্মীসকল। নাগ্ৰিজুলী হাইস্কুলত শিক্ষকবৃন্দ তথা ছাত্ৰ ছাত্ৰীৱে ছবিৰাম বড়োক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ছবিৰাম বড়োৰ এই দুৰ্ভাগ্যজনক মৃত্যুৰ খবৰে সমগ্ৰ অঞ্চলতে শোকৰ ছাঁ পেলাইছে।