অসম

সন্মিলিত গণশক্তি অসমৰ সদস্য ভৰ্তি অভিযান আৰু সাংগঠনিক সভা : গেৰুৱা দলৰ অৰ্ধশতাধিক কৰ্মীৰ যোগদান

Asomiya Pratidin

ডিজিটেল সংবাদ, ঢকুৱাখনা: আঞ্চলিক ৰাজনৈতিক দল সন্মিলিত গণশক্তি অসমৰ উদ্যোগত ঢকুৱাখনা বিধানসভা সমষ্টিত অব্যাহত আছে সদস্য ভৰ্তি অভিযান আৰু সাংগঠনিক সভা । এই দলীয় ভেঁটি সুদৃঢ়কৰণ অভিযানৰ অংশ হিচাবে দেওবাৰে সমষ্টিটোৰ পূব ঢকুৱাখনা পঞ্চায়ত সমিতিৰ উদ্যোগত  অনুষ্ঠিত কৰা হয় দলীয় সাংগঠনিক সভা ।

পূব ঢকুৱাখনাৰ কে কে ডি মহাবিদ্যালয়ৰ চৌহদৰ ই লাইব্ৰেৰীত অমৃত দলেয়ে আঁত ধৰা দেওবাৰে অনুষ্ঠিত দলীয় সভাত সভাপতিত্ব কৰে পূব ঢকুৱাখনা পঞ্চায়ত সমিতিৰ সভাপতি চেন সন্দিকৈয়ে ।

সন্মিলিত গণশক্তি অসম দলৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি সুনীল কুমাৰ পেগু ,সম্পাদক ৰাজু খনিকৰ , ঢকুৱাখনাৰ জিলা পৰিষদৰ সদস্য  ইন্দ্ৰ কুমাৰ চুংক্ৰাং , টি এম পি কেৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক যতীন পেগু, কেন্দ্ৰীয় সমিতিৰ সদস্য ক্ৰমে ক্ষীৰোদ পেগু,ৰাজীব দলে,দীপাঞ্জল দলে ,এম এম কেৰ ঢকুৱাখনা জিলা সমিতিৰ সভাপতি  দীপেন দলে , টি এম পি কেৰ ঢকুৱাখনা জিলা সমিতিৰ উপদেষ্টা বৃগেন দলে , সভাপতি সঞ্জীৱ দলে ,সম্পাদক অমৰজিত দলে ,এম এম কেৰ ঢকুৱাখনা জিলা সমিতিৰ প্ৰাক্তন সম্পাদক  মোহন পেগু ,সন্মিলিত গনশক্তি অসম দলৰ ঢকুৱাখনা ব্লক সমিতিৰ সভাপতি লক্ষ্যনাথ দলে , বিশিষ্ট নাগৰিক বিষ্টুনাথ দলে ,মিচিং বা:নে কেবাংৰ পূৱ ঢকুৱাখনা আঞ্চলিক সমিতিৰ সভাপতি পৰিক্ষীত মিলি আদি উপস্থিত থকা সভাত আদৰণি ভাষণ আগবঢ়াই মিচিং জাতিয় সংগঠনৰ কেন্দ্ৰীয় নেতা যতীন পেগুৱে।

সভাত গণশক্তি দলৰ কেন্দ্ৰীয় নেতা সুনীল কুমাৰ পেগুৱে ঢকুৱাখনা সমষ্টিৰ বিধায়ক নৱ দলেৰ অকমন্যতাৰ বাবে সমষ্টিটোৰ সৰ্বহাৰা পৰিয়ালসমূহে প্ৰাপ্য মৌলিক অধিকাৰৰ পৰা বঞ্চিত হৈ অহা বুলি কৈ নৱ দলেৰ প্ৰৱঞ্চনা প্ৰতাৰণৰ বাবেই ভূমি হাৰা পৰিয়ালসমূহে ভূমি পট্টাৰ পৰা বঞ্চিত হোৱা বুলি কয়। পেগুৱে  পৰিয়ালকেন্দ্ৰিক আৰু স্বাৰ্থপৰ ৰাজনীতিৰ পাতনি মেলা  নৱ দলে নেতৃত্বাধীন গেৰুৱা দলটোৰ পৰা ওলাই আহি গণশক্তি দলত যোগদান কৰাৰ বাবে  নবাগত সকলক আদৰণি জনায়।

জনাকীৰ্ণ  সভাত ভাৰতীয় জনতা পাৰ্টিৰ  ঢকুৱাখনা মণ্ডল বিজেপিৰ যুৱ মর্চাৰ সক্ৰিয় কৰ্মী পাৰ্থ প্ৰতীম মিলিৰ নেতৃত্বত নলিনী কুটুম , সংগীতা পেগু , গাছি মিলি , ইন্দ্ৰেশ্বৰ পেগু , পাহি দলে , বলীন মিলি , প্রিয় নাথ পেগু , জানকি মিলি  শেৱালি কুটুম , গোলাপী পেগু , ৰীণা পেগু আদি প্ৰায় ৫২ গৰাকী সক্ৰিয় সদস্যই গণশক্তি দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ  আনুষ্ঠানিক ভাৱে যোগদান কৰে ।

উল্লেখ্য যে চৰকাৰী আঁচনিৰ নামত গেৰুৱাকৰণৰ নিকৃষ্ট ৰাজনীতি চলোৱা , হিতাধিকাৰী সৰ্বস্ব কুটিল ৰাজনীতিৰে  নৱপ্ৰজন্মক কৰ্মবিমুখ কৰি ৰাজনৈতিক অভীষ্ট সিদ্ধিত নমা গেৰুৱা বিধায়ক  নৱ দলেৰ ক্ষয়ঙ্কৰী ৰাজনীতিৰ বিৰোধীতা কৰি সমষ্টিটোত আৰম্ভ হৈছে বিজেপি ত্যাগৰ অভিযান । তাৰেই অংশ হিচাবে যোৱা প্ৰায় এসপ্তাহ ধৰি সমষ্টিটোত অব্যাহত থকা গনশক্তি দলৰ সাংগঠনিক সভাত গেৰুৱা দলৰ লগতে কংগ্ৰেছ দলৰ শতাধিক উন্নয়নকামী সদস্যই গনশক্তি দলত যোগ দি নিঃস্বাৰ্থভাবে ৰাজনৈতিক সেৱা আগবঢ়াই যোৱাৰ সংকল্প গ্ৰহণ কৰা বুলি গণশক্তি দলৰ নেতৃত্বই সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰিছে ।