বিশ্বনাথৰ গোৱালতলী বিদ্যালয়ৰ প্ৰধান শিক্ষকক বদলি কৰাৰ দাবী

বিশ্বনাথৰ গোৱালতলী বিদ্যালয়ৰ প্ৰধান শিক্ষকক বদলি কৰাৰ দাবী

author-image
Asomiya Pratidin
New Update
বিশ্বনাথৰ গোৱালতলী বিদ্যালয়ৰ প্ৰধান শিক্ষকক বদলি কৰাৰ দাবী

ডিজিটেল সংবাদ, বিশ্বনাথঃ এফালে নিৰপত্তাহীনতাৰ বাবে শিক্ষক-শিক্ষয়িত্ৰীৰ বিদ্যালয়লৈ নোযোৱাৰ সিদ্ধান্ত আৰু আনফালে প্ৰধান শিক্ষকৰ বদলিৰ দাবী স্থানীয় ৰাইজ তথা অভিভাৱকৰ। এনেদৰেই পৰিৱেশ উত্তাল হৈ পৰে বিশ্বনাথৰ গোৱালতলী প্ৰাথমিক বিদ্যালয়ৰ চৌপাশ।

Advertisment

উল্লেখ্য যে বৃহস্পতিবাৰে বিশ্বনাথ জিলা স্বাস্থ্য বিভাগে আৰম্ভ কৰা ফাইলেৰিয়া ৰোগ নিৰ্মূল অভিযান। স্বাস্থ্য বিভাগে প্ৰদান কৰা ফাইলেৰিয়া ৰোগৰ ঔষধ খাই গোৱালতলী প্ৰাথমিক বিদ্যালয়ৰ লগতে বিশ্বনাথৰ আন দুখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী অসুস্থ হৈ পৰিছিল।

ডি.ই.চি আৰু এলবেণ্ডাজল টেবলেট খাই অসুস্থ হৈ পৰা ছাত্ৰ-ছাত্ৰী সকলক বিশ্বনাথ চাৰিআলি মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। অৱশ্যে প্ৰায় খিনি ছাত্ৰ ছাত্ৰী সুস্থ হোৱাত লগতে নিজ নিজ ঘৰলৈ উভতাই পঠিওৱা হৈছে। দুই এগৰাকী ছাত্ৰ ছাত্ৰী বৰ্তমান নিজ গৃহতে চিকিৎসাধীন অবস্থাত আছে।

কিন্তু আজি গোৱালতলী বিদ্যালয়ত আন এক পৰিবেশৰ সৃষ্টি হৈছে। বিদ্যালয়খনৰ প্ৰধান শিক্ষক গুলজাৰ হুছেইনৰ বদলিৰ দাবী তোলে স্থানীয় ৰাইজ তথা অভিভাৱকে। স্থানীয় ৰাইজ তথা অভিভাবক সকলৰলে অভিযোগ দিয়ে যে বিদ্যালয়ৰ প্ৰধান শিক্ষক গুলজাৰ হুছেইন কালি ঘটনাৰ সময়ত বিদ্যালয়ৰ পৰা আঁতৰি গৈছিল। যাৰ বাবে বিদ্যালয়ৰ প্ৰধান শিক্ষকক বদলি কৰাৰ দাবি জনাইছে অভিভাৱক অভিভাৱিকা সকলে।

ইফালে প্ৰধান শিক্ষকৰ বাহিৰে বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী সকল আজি বিদ্যালয়ত উপস্থিত হোৱা নাই। কিয়নো সহকাৰী শিক্ষক-শিক্ষয়িত্ৰী সকল চৰম নিৰাপত্তাহীনতাত ভুগিছে। কিয়নো কালি উক্ত বিদ্যালয়ত এনে অনাকাংক্ষিত পৰিৱেশৰ মাজত একাংশ অভিভাবকে শিক্ষয়িত্ৰী সকলক আক্ৰমণ কৰিছিল বুলি অভিযোগ উত্থাপন কৰিছে বিদ্যালয়ৰ শিক্ষয়িত্ৰী সকলে।

শিক্ষক শিক্ষয়িত্ৰী সকলৰ নিৰাপত্তা সুনিশ্চিত নোহোৱা পৰ্যন্ত বিদ্যালয়ৰ দায়িত্ব পালন নকৰে বুলি জানিবলৈ দিয়ে শিক্ষক শিক্ষয়িত্ৰী সকলে।বিদ্যালয়ত এই সকল শিক্ষয়িত্ৰী উপস্থিত হ'লে যদি কোনো অভিভাবকে আক্ৰমণ কৰে তেন্তে তাৰ দায়িত্ব কোনে ল'ব বুলি প্ৰশ্ন উত্থাপন কৰিছে শিক্ষয়িত্ৰী সকলে। ইফালে বিদ্যালয়ৰ এগৰাকী ছাত্ৰ ছাত্ৰীও বিদ্যালয়ত উপস্থিত হোৱা নাই।আনহাতে এই সমস্ত ঘটনাৰ ক্ষেত্ৰত জিলা প্ৰশাসন তথা শিক্ষা বিভাগে নিশ্চুপ হৈ থকা বিষয়টো বিশেষ তাৎপৰ্য্য বহণ কৰিছে।

Also Read: শিলসাকোত বস্ত্ৰহৰণ...