অসম

চিকিৎসক আক্ৰমন সন্দৰ্ভত বিশ্বনাথ জিলা আৰক্ষী অধীক্ষকৰ সংবাদ মেল

asomiyapratidin

চিকিৎসকৰ আক্ৰমন সন্দৰ্ভত বিশ্বনাথ জিলা আৰক্ষী অধীক্ষকৰ সংবাদ মেল

ডিজিটেল সংবাদ, বিশ্বনাথৰ : বুধবাৰে বিশ্বনাথৰ মাজুলিগড় চাহ বাগিচাত একাংশ দুস্কৃতিকাৰীয়ে বাগিচা খনৰ চিকিৎসক বসন্ত কুমাৰ গোস্বামীক কৰা আক্ৰমণক কেন্দ্ৰ কৰি শুকুৰবাৰে বিশ্বনাথ জিলাৰ আৰক্ষী অধীক্ষক ৰিপুল দাসে এক সংবাদ মেল সম্বোধন কৰে। সংবাদ মেল যোগে আৰক্ষী অধীক্ষক গৰাকীয়ে কয় যে বিশ্বনাথৰ মাজুলিগড় চাহবাগিছাৰ জ্যেষ্ঠ চিকিৎসক ডাঃ বসন্ত কুমাৰ গোস্বামীক আক্ৰমণ কৰা দুজন মূল অভিযুক্তক নিশা বিশ্বনাথ জিলা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৷

ধৃতলোক দুজন ক্ৰমে ৩৮ বছৰীয়া  অজিত তাঁতি আৰু ২৫ বছৰীয়া সুজিত তাঁতি৷ দুয়োৰে ঘৰ মাজুলীগড় চাহবাগিচাৰ ১০ নম্বৰ লাইনত৷ চিকিৎসক আক্ৰমণ সম্পৰ্কত আই পি চি ৰ ১৪৩/৪৪৭/৩৫২/৩২৫/৩০৭ আৰু R/E W Sec 51(b) DM Act ত বিশ্বনাথ চাৰিআলি থানাত ১৬৭/২১ নম্বৰ গোচৰ ৰুজু কৰা হৈছে৷ ইতিমধ্যে অভিযুক্ত দুটাক এই গোচৰৰ অধিনত কাৰাগাৰলৈ নিক্ষেপ কৰা হৈছে উল্লেখ যে,কভিডৰ বাবে বাগিছা খনৰ দোকান-পোহাৰ বন্ধ কৰা কাৰ্যত বাগিছা কৰ্তৃপক্ষৰ বিৰুদ্ধে ক্ষুব্ধ হৈ  একাংশ লোকে চিকিৎসক জনকে প্ৰহাৰ কৰিছিল ৷