এলাগী হ’ল প্ৰধান মন্ত্ৰী ! উত্তৰ প্ৰদেশৰ বিজেপিৰ পেজৰ পৰা আতৰিল মোডী….

এলাগী হ’ল প্ৰধান মন্ত্ৰী ! উত্তৰ প্ৰদেশৰ বিজেপিৰ পেজৰ পৰা আতৰিল  মোডী….

এলাগী হ'ল প্ৰধান মন্ত্ৰী ! উত্তৰ প্ৰদেশৰ বিজেপিৰ পেজৰ পৰা আতৰিল  মোডী

ডিজিটেল ডেস্ক : সমগ্ৰ দেশ মহামাৰী কোৰোনাৰ গ্ৰাসত আছে যদিও তাৰ মাজতেই দেশৰ কেইবাখনো ৰাজ্যত ইতিমধ্যে নিৰ্বাচন সম্পন্ন হৈ গৈছে। অসম,পশ্চিমবংগকে ধৰি মুঠ ৫ খন ৰাজ্যত নতুন চৰকাৰ গঠন হৈছে। এই পাঁচ ৰাজ্যৰ পাছত দেশৰ অন্যতম ৰাজ্য উত্তৰ প্ৰদেশৰ ২০২২ চনত হব লগা নিৰ্বাচনৰ যোঁ-জা আৰম্ভ হৈছে। নিৰ্বাচনৰ দিন ধাৰ্য হোৱা নাই যদিও উত্তৰ প্ৰদেশত ইতিমধ্যে নিৰ্বাচনী ৰনকৌশল তৈয়াৰত ব্যস্ত হৈ পৰিছে বিভিন্ন দল সংগঠন। শাসকীয় দল বিজেপিও তৎপৰ হৈ পৰিছে কিন্তু শেহতীয়াকৈ উত্তৰ প্ৰৰদেশত মুখ্যমন্ত্ৰীকেন্দ্ৰিক সংঘাটে দেখা দিয়াৰ খবৰ পোহৰলৈ আহিছে। বিজেপিৰ ভিতৰচৰাত চলি থকা গৃহকন্দলক সঁচা প্ৰমাণিত কৰি বৃহস্পতিবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহক  সাক্ষাৎ কৰি প্ৰায় ডেৰ ঘণ্টা যোৰা এক বৈঠকত মিলিত হয় উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য। শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰমোডী আৰু বিজেপিৰ অধ্যক্ষ জে পি নাড্ডাৰ সৈতে দলীয় বিষয়ত আলোচনা কৰিবলৈ দিল্লীত উপস্থিত হয় মুখ্যমন্ত্ৰী গৰাকী।

যোগী চৰকাৰৰ ৫ টা বছৰ সম্পূৰ্ণ হোৱা আগে আগে উত্তৰ প্ৰদেশত শেহতীয়াকৈ যোগী চৰকাৰৰ বিৰুদ্ধে মতবিৰোধ স্পষ্টকৈ প্ৰকাশ পইছে ।উত্তৰ প্ৰদেশ চৰকাৰে কোৰোনা মহামাৰীৰ মোকাবিলা কৰাৰ ব্যৱস্থাপনা সন্দৰ্ভতো প্ৰশ্ন উত্থাপন কৰিছে একাংশই৷ এক সূত্ৰই সদৰী কৰা অনুসৰী উত্তৰ প্ৰদেশত যোগী আদিত্যক মুখ্যমন্ত্ৰী পদৰ পৰা অব্যাহতি দিয়াৰ কথা বিবেচনা কৰা নাই যদিও উত্তৰ প্ৰদেশ বিজেপিত আন কিছুমান দিশত সাল সলনি কৰাৰ কথা চিন্তা কৰা হৈছে। বিজেপিৰ জ্যেষ্ঠ নেতা বি কে সন্তোষৰ নেতৃত্বাধীন এটা দলে প্ৰায় এসপ্তাহ আগত উত্তৰ প্ৰদেশৰ মন্ত্ৰী, বিধায়ক,সাংসদ আৰু মুখ্যমন্ত্ৰীৰ সৈতে পৃথকে পৃথকে আলোচনাত মিলিত হৈছিল আৰু তেতিয়াই তেঁওলোকৰ মাজত থকা অসন্তুষ্টি সমূহ পেহৰলৈ আহিছিল। বিশেষকৈ  উত্তৰ প্ৰদেশত থকা বাহ্মণসকলৰ মাজত বেছিকৈ এই সমস্যা দেখা গৈছিল, মহামাৰী কোৰোনাৰ দ্বিতীয় ঢৌৰ সময়ত এই অসন্তোষ্টি মতবিৰোধলৈ পৰিৰ্ৱতন হৈছিল ।

দীৰ্ঘদিন ধৰি উত্তৰ প্ৰদেশৰ বাহ্মণসমাজক প্ৰতিনিধিত্ব কৰা কংগ্ৰেছৰ জনপ্ৰিয় নেতা জিতেন প্ৰসাদে বুধবাৰে বিজেপিত যোগদান কৰাৰ পাছতেই অধিক শংকিত হৈ পৰিছে যোগী বাহিনী। উল্লেখ যোগ্য যে বিগত সময়ত প্ৰায় ১৩ শতাংশ ভোটাৰক নিজৰ  পক্ষত ৰাখিবলৈ সক্ষম হৈছিল জিতেন প্ৰসাদে। ইয়াৰ উপৰিও প্ৰধান মন্ত্ৰীৰ ঘনিষ্ঠ এ কে শৰ্মাকো উত্তৰ প্ৰদেশৰ গুৰুত্বপুৰ্ণ দায়িত্ব দিয়াৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে। ইফালে অন্য ৰাজ্যৰ তুলনাত উত্তৰ প্ৰদেশৰ বিজেপিৰ সাংগঠনিক পেজৰ ফটো সমূহৰ পৰা দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ছবি আতৰাই দিয়াৰ পাছত ৰাজ্য খনত বিজেপি দলটোৰ মাজত যে অন্তঃকন্দলৰ সৃষ্টি হৈছে তাৰ ছবিখন স্পষ্ট হোৱাৰ চৰ্চা দেশৰ ৰাজনৈতিক মহলত অব্যাহত থকাৰ সময়তে বিজেপিৰ শীৰ্ষ নেতাৰ সৈতে হোৱা এই বৈঠকে গুৰত্বপূৰ্ণ ভূমিকা পালন কৰাৰ সম্ভাৱনা আছে পৰৰ্ৱতী নিৰ্বাচত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in