অসম

বীৰ লাচিত সেনাৰ 'কা' বিৰোধী প্ৰতিবাদত আৰক্ষীৰ বাধা

Asomiya Pratidin

ডিজিটেল সংবাদ, ওদালগুৰিঃ ৰাজ্যজুৰি 'কা' বিৰোধী আন্দোলন চলি থকাৰ মাজতে বুধবাৰে ওদালগুৰিত বীৰ লাচিত সেনাৰ ওদালগুৰি জিলা সমিতিয়ে এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। সংগঠনটোৱে জিলা কাৰ্যালয়ৰ পৰা ওদালগুৰিৰ ছহিদ বেদীলৈ এক সমদলেৰে প্ৰতিবাদ সাব্যস্ত কৰিব বিচাৰিছিল। কিন্তু পূৰ্বৰ পৰাই প্ৰতিবাদস্থলীত উপস্থিত থকা আৰক্ষীয়ে সংগঠনটোক ৰাজপথত নমাত বাধা প্ৰয়োগ কৰে।

ইয়াৰ পাছতেই সংগঠনটোৱে প্ৰথমাৱস্থাত জিলা কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ আৰম্ভ কৰে। হাতে হাতে জোৰ লৈ, ক'লা পতাকা লৈ প্ৰতিবাদকাৰীসকলে "কা' আমি নামানো, অসম চৰকাৰ হায় হায়, হিমন্ত বিশ্ব হায় হায়, কেন্দ্ৰীয় চৰকাৰ মুৰ্দাবাদ" ইত্যাদি শ্লোগান প্ৰদানেৰে পৰিৱেশ উত্তাল কৰি তোলে। ইয়াৰ পাছত ঘটনাস্থলীত উপস্থিত আৰক্ষীয়ে প্ৰতিবাদ নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। প্ৰতিবাদস্থলীত উপস্থিত থাকি বীৰ লাচিত সেনাৰ ওদালগুৰি জিলা সমিতিৰ মুখ্য সচিৱ গুণেশ্বৰ ৰায়ে সংবাদ মাধ্যমৰ সন্মুখত কয় যে "যিখন আইন দেশৰ অন্য ৰাজ্যৰ বাবে বেয়া হব পাৰে সেই একেখন আইন অসমৰ ক্ষেত্ৰত কেনেদৰে ভাল হ'ব পাৰে? যদিহে অসমত বাংলাদেশী আনিব বিচাৰিছে, তেন্তে হিমন্ত বিশ্ব শৰ্মাই নিজৰ মাটিত সংস্থাপন দিয়ক। 'কা' আইনে আমাৰ জাতি-মাটি-ভাষা নাইকীয়া কৰিব। অসমবাসী, বীৰ লাচিত সেনাই কেতিয়াও বিদেশীৰ তলত নাথাকে।"

ইফালে আৰক্ষীক উদ্দেশ্যি ৰায়ে কয় যে "আৰক্ষীয়ে আৰক্ষীৰ কাম কৰি আছে আৰু আমি আমাৰ কাম কৰি আছো। ইতিমধ্যে আমি তিনিদিন ধাৰাবাহিকভাৱে 'কা'ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিলো। আগন্তুক দিনত 'কা' বাতিল নোহোৱা পৰ্যন্ত আমাৰ ধাৰাবাহিক আন্দোলন অব্যাহত থাকিব। বীৰ লাচিত সেনাই আৰক্ষীৰ ভয়ত আন্দোলন নকৰাকৈ বহি নাথাকে।" আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত ওদালগুৰি জিলা বীৰ লাচিত সেনাৰ সভাপতি ভাস্কৰ দাস, উপসভাপতি গৌতম দাসৰ লগতে জিলাখনৰ কেইবাখনো আঞ্চলিক সমিতিৰ পৰা প্ৰায় দুই শতাধিক বীৰ লাচিত সেনাৰ কৰ্মকৰ্তা উপস্থিত থাকে।