অসম

জামুগুৰিহাটত বিহু কৰ্মশালাৰ শুভ উদ্ধোধনী অনুষ্ঠান

Asomiya Pratidin

ডিজিটেল সংবাদ,জামুগুৰিহাটঃ জামুগুৰিহাটত বিহু কৰ্মশালা। জামুগুৰিহাটৰ টুপীয়া সামূহিক ভৱন প্ৰাংগনত টুপীয়া পাঁচগাওঁ বহাগী মেলাৰ উদ্যোগত বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে বিহু কৰ্মশালা ৷

উদ্যোক্তাই জনোৱা অনুসৰি, সাত দিনিয়াকৈ আয়োজিত এই বিহু কৰ্মশালা আজি বিয়লি শুভ উদ্ধোধন কৰে কৃতি শিক্ষক সমাজকৰ্মী নিতুমনি বৰাই ৷ কৰ্মশালাৰ উদ্ধোধক গৰাকীয়ে বক্তব্যত কয় যে "বিভিন্ন জাতি-জনগোষ্ঠীয় ৰাইজৰ মিলন ভূমি এই টুপীয়া অঞ্চলৰ সকলো জাতি জনগোষ্ঠীয় ৰাইজে স্বতঃস্ফূৰ্তভাৱেই এই বিহু কৰ্মশালাত অংশগ্ৰহণ কৰা দেখা গৈছে ৷ বিহুৱে আনি দিয়া এই ঐক্য, সমন্বয়, সম্প্ৰীতি সদায় আদৰ্শহৈ ৰওঁক ৷"

আমন্ত্ৰিত অভিজ্ঞ প্ৰশিক্ষকক লৈ অনুষ্ঠিত কৰা এই কৰ্মশালাত অঞ্চলটোৰ কেইবা শতাধিক কিশোৰ-কিশোৰী, যুৱক-যুৱতীয়ে অংশগ্ৰহণ কৰে ৷